ব্যথাৰ স্থৰ । ১৩ মূল্য বেচি যেন লাগে। তাই ভাবি চিন্তি একো ঠিক কৰিব নোৱাৰি ব্যাকুল হৈ উঠে । পবীনে তাইৰ বাহ্যিক বিমৰ্ষতা লক্ষ্য কৰিলেও অন্তৰৰাজ্যৰ ইমান খিনি খবৰ নাপায় । মানুহৰ অন্তৰৰ সঠিক খবৰ পোৱা সহজ কথা নহয়, বিশে- যত নাৰীৰ । মাজে মাজে তাইৰ অচঞ্চল নীরস ভারত সি মনে মনে বেজাৰ পাই ভাবে, এই জাতিটো একেবাৰে বুজিব নোৱাৰা ৷ ভাত হবলৈ প্ৰায় এঘণ্টামান বাকী। পৰীন ষ্টেচনৰ ঘৰতে বহি আছে । ৱাহিৰত জোনৰ পোহৰ আৰু এক বিৰাট নিস্তব্ধতা ৷ এই নীৰ পুৰীৰ সিয়ে যেন একমাত্র অধীশ্বৰ । কিন্তু এনে ৰাজত্ব সি কামনা নকৰে। লগত অৰুণা নাথাকিলে সি বোধকৰোঁ কেতিয়াবাই ইয়াৰ পৰা পলাব লাগিল হেঁতেন । নিঃসঙ্গতাই তাক বলীয়া কৰিলে - হেঁতেন এই কথাকে সি ভাবিছে লগতে ভাবে তাৰ জীৱনৰ উদ্দেশ্য আৰু ছাত্ৰ জীৱনৰ আদৰ্শৰ কথা । সিতো এনে- কুৱা নাছিল । এজনী ছোৱালীৰ মোহত পৰি অথবা শেষত তাইক জীৱনৰ লগৰী কৰিলৈ সমাজ আৰু সভ্যতাৰ পৰা আতৰত থাকি মাত্ৰ ৰেলগাড়ীৰ খবৰ ৰখীয়া হৈয়ে জীৱনটো কটাই দিব নে। এইটো কথা ভাবোতেই সি অন্তৰৰ পৰা অনুভৱ কৰে এক ভৱল প্রতিবাদ । জীৱনৰ এই কেইটি বছৰ কিয় যে এনেকৈ কটালে সি তাৰ অর্থকে বিচাৰি নাপায়। জীয়াই থাকিবই লাগিব আৰু সেইবাবে লাগিব
পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৯
অৱয়ব