সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮০ ব্যথাৰ স্মৰ

উত্তৰত মই কলে, “ভাল, আপোনাৰ মূল্যবান উপদেশবোৰ মই দেশত সকলোৰে মাজত প্রচাৰ কৰিম । আমাৰ সাহিত্যিক- সকলে কিন্তু এীতয়াও এই ভাৱে আগুৱাব পবা নাই। তেওঁলোকৰ বহুতেই গতানুগতিক পদ্ধতি অনুসৰণ কৰি আছে | অজনক্ষম প্রতিভা থাকিলেও তেওঁলোকৰ ভিতৰতে বহুতৰ বৈপ্লৱিক মনোবৃত্তিৰ অভাৱ ৷ জনসাধাৰণৰ শ্ৰদ্ধা আৰু সহানুভূতিৰ অভাৱৰ পৰাও সাহিত্যিকসকল উৎসাহ হীন হৈ শীলখীন এীবৰব লগাত পৰে ৷ অভাৱৰ কঠোৰ হেচাত পৰিও বহুতে প্রতিভা বিকাশৰ সুবিধা নাপায় । কিছুমান ঠাইত ডাঙৰ ডাঙৰ সাহিত্যিক ওলাইছে, Tee গোটেই ভাৰতৰ মানুহে তেওঁলোকৰ সাহিত্য পঢ়িবৰ স্বুবিধা নাপায় |

এই কথা শুনি তেখেতে আচবিত হৈ সুধিলে, “কিয় ?”

মই আমাৰ ভাষা সমস্যাটোৰ কথা উলিয়ালে । মই কলে, “আমাৰ এটি সবব্বভাৰতীয় ভাষা এতিয়ালৈ গঢ়ি উঠা নাই | বিভিন্ন প্রদেশত প্রাদেশিক ভাষাবোৰৰ মাজে- দিয়ে সাহিত্য স্থষ্ট হয় | গতিকে এক প্রদেশব মানুহৰ পক্ষে অন্য প্রদেশৰ সাহিত্যৰ সোৱাদ পোৱা কঠিন ৷ আমি এতিয়াও ইংৰাজী ভাষাকেই সৰ্ব্বভাৰতীয় ভাষা হিচাবে ব্যৱহাৰ কৰো । অন্যান্য প্রাদেশিক ভাষাৰ গ্রন্থ- বোৰ নিজ নিজ ভাষাত অনুবাদ কৰাৰ উৎসাহ বা সুবুদ্ধি আমাৰ এতিয়াও জাগি উঠা নাই ৷”