সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫২ ব্যথাৰ সব

দৰাক আক atta) গতিকে গাওঁতে ছৃ'জন ভাল দৰা আছে তাবে এজনৰ লগত পতা বিয়াখন শেষ কাৰ দিয়াই ভাল । অৱশেষত সেইটোৱে Tse হ'ল | নীলিৰ মাকে প্রস্তাৱ কৰিলে তোমাক আৰু পিতাকে প্রস্তাৱ কৰিলে গোবিন্দক | এইলৈয়ে এক ডাঙৰ সমস্যা উপস্থিত হ'ল | এনেতে আমি. কেইজনমানে প'ঠক কৰিলো গোপনে নীপিৰ, মতামত লবলৈ ৷ আমি ভাবিলে, নীলি যদি মাকৰ মতকে সমর্থন কৰে তেনেহলে শীপতাকৰ মত পৰিবৰ্ত্তন কৰাবলৈ wad হব। নীলিৰ মতক হয়তো তেখেতে উপেক্ষা কৰিব নোৱাৰিব ৷ আমাৰ বেচি ভাগৰে আশা হৈছিল যে সেইটোৱে হব গৈ, কিন্তু নহ’ল | তাই প্রথমতে বিয়া কৰাবলৈ অমাস্তি হ'ল। পিছে, এই অমান্তিৰ মূল্য খুব কম | কিয়নো, ছুই এজনৰ অনুৰোধৰ পিছতেই তাই কলে যে বিয়া কৰাব লাগিলে গোবিন্দৰ লগতেই বিয়া হব লাগিব | তোমাৰ লগত তাইৰ বন্ধুত্বৰ কথা আমি যি সকলে জানো তাইৰ সিদ্ধান্তত সকলোৱে আচৰিত হলো | পিতাকৰ ভাৱটো বুঁজবলৈ সহজ | তেখেতক লাগে ধনী মানুহৰ পৰা ৷ কিন্তু ছোৱালীবোৰৰ মনৰ ভাৱ কেনেকৈ বুজিবা ? ৰূপ, গুণ বা প্রেমৰ মূল্য দিয়া হলে আজিৰ এই ঘটনাটো কেনেকৈ ঘটে? হয়তো গোণীবন্দৰ প্রতি তাই আগৰে পৰা বেচিকৈ আকৃষ্ট হৈণীছিল, অথবা ধনীৰ ঘৰত পৰিলে তাইৰ জীরনটো স্থুখতে যাব এই বুলিয়ে তাই ভাবিলে ৷