সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
বৈৰাগী
 

যেনে অহঙ্কাৰ কৰিছিল তেনে শাস্তি পালে। তাইৰ বৰ পুতেক ধনীৰামে ৰাজ-বিষয় পাইছে। শনিৰামে হেনো কিবা দৰমহা নে চৰমহা পাই কলেজত পঢ়িছে। তাইৰ যেন এটা শৰীৰ দুটা হৈছে। বাটেদি যাওঁতে তাইৰ ভৰিৰ দপ্দপনিত আই বসুমতী ফাট দি পলাব খোজে! তাইৰ অহঙ্কাৰ দেখিলে ভৰিৰ পৰা মূৰলৈ গাৰ নোম শিঁয়ৰি উঠে। এতিয়া বেটীৰ কপালত একো নোহোৱা হ’ল। তাই আমাক নামাতে, আমাৰ লগ নহয়, এতিয়া আৰু বেটী আমুকীৰ তালৈ নগলে থাকিব পাৰিব নে?”

 শনি আৰু নৰেন এই তিৰুতা কেইজনীৰ পাচে পাচে গৈছিল। মাতৃ-নিন্দা শনিৰ কাণত শেল সোমোৱা দি সোমাল। দুয়ো সিহঁতক পাছ পেলাই থৈ নৰেনৰ ঘৰত উপস্থিত হ’লগৈ।