সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
৮৬
 

বোপাই আৰু উভতি আহিবনে? নিজৰ শৰীৰক কিয় ইমান দুখ দিয়া?” এনেতে দুজন গৰখীয়া লৰি আহি খবৰ কলে, “দুজন মানুহে পুখুৰীত সাতুঁৰিব লাগিছে; আমি সিহঁতক ইমান বেলি মাতিলোঁ, তথাপি সিহঁতে মাতকে নিদিলে।” এই বাতৰি শুনি পদুলিমুখত থিয় হৈ থকা জনচেৰেক মানুহ পুখুৰীৰ পাৰলৈ লৰি গ’ল। গৈ দেখে যে শনিৰাম আৰু নৰেন সেই অঠাই পানীত ককবক্ কৰিবলৈ ধবিছে। পুখুৰীৰ পাৰত সকলোৱে চিঞৰ- বাখৰ লগালে, কিন্তু কোনোজন পানীত নামিবলৈ সাহ নকৰিলে। কথাতে কয় বোলে “যাৰ গৰু পোঁতত পৰে, সেয়েহে নেগুৰত ধৰে।” কথাষাৰ মিছা নহয়, ততালিকে মুকুন্দলৈ খবৰ পঠিৱা হ’ল। মুকুন্দ আহি কাণ্ড দেখি অবাক্‌। সকলোৱে শনি আৰু নৰেনক মাতিছেহে মাতিছে, কিন্তু কোনোৱে পানীত নামি সিহঁতক টানি আনিবৰ নিমিত্তে একো চেষ্টা কৰা নাই। মুকুন্দৰামে শনি আৰু নৰেনক তেনেকৈ থকা দেখি নিজৰ জীৱনৰ কথা পাহৰি গ’ল, আৰু “হে দয়াময়!” বুলি পুখুৰীত জাপ দিলে। কিছু দূৰ সাঁতুৰি গৈ শনিৰ এখন হাতত বলেৰে খামোচ মাৰি ধৰি মুকুন্দ লাহে লাহে পাৰৰ ফালে সাঁতুৰি আহিল। অলপ বেলিৰ পাচতে মুকুন্দই শনি আৰু নৰেনক পুখুৰীৰ পাৰত তুলিলে। কিন্ত দুয়োৰে গাত ত’ত নাই——শৰীৰ চেঁচা পৰি গৈছে।