উনবিংশ আধ্যা
দুখতে দুখ
পথাৰৰ সকলো মানুহ পথাৰৰ কাম-বন এৰি ঘৰাঘৰি গ’ল, ভাত পানী খাই জিৰণি ললেগৈ। যতেই চাৰি পাঁচজন মানুহ লগ লাগিল ততেই ধনীৰামৰ অকাল মৃত্যুৰ কথা ওলাল। কোনোৱেবা বৰ দুখ কৰি হা-হুমুনিয়াহ কাঢ়িলে, কোনোৱে বা চকু-লো টুকিলে। বাটে-ঘাটে য’তে ত’তে কেৱল ধনীৰ অকাল মৃত্যুৰ কথা! দুই চাৰিজন গাঁৱৰ বুঢ়া মানুহে ধনীৰ মৃত্যুত বৰ দুখ কৰি তেওঁৰ বুঢ়ী আয়েক দুখুক সান্ত্বনা দিম বুলি দুখুৰ ঘৰলৈ বাট ধৰিলে। কিন্তু কাৰ সাধ্য দুখুক সান্তনা দিয়ে; দুখুৱে ক্ষণে ক্ষণে শ্মশানশালীলৈ
যাবলৈ ওলাল, দুজন তিনিজন মানুহে কোনোমতেহে তেওঁক ধৰি ৰাখিলে। পদূলি মুখত মানুহে জুম বান্ধিলে কিন্তু দুখুৰ আৰ্ত্তনাদ শুনি কোনেও ভিতৰলৈ যাবলৈ সাহ নকৰিলে; কেৱল সকলোৱে পৰম্পৰে কোৱা-মেলা কৰিলে আৰু চকু-লো টুকিলে। ঘৰৰ ভিতৰত দুখুৱে কেৱল কান্দিলে, আৰু মুৰে-কপালে ভুকুৱালে। মুকুন্দই ওচৰতে বহি মাজে মাজে কলে⸺“বাইদেউ, কিমাননো কান্দি থাকিবা? শোক পাহৰি পেলোৱা। শোক কৰি থাকিলে