এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
৮৪
একোবাৰ হিয়া-মূৰ ভুকুৱাই কান্দিলে, আৰু একোবাৰ কিবাকিবি নিজে নিজে বকিলে। প্ৰায় ১২ মান বজাত যেতিয়া চাৰিওফালৰ পথাৰৰ পৰা মানুহবোৰ ঘৰা-ঘৰি গ’ল, শনিৰ মন নাচি উঠিল | শনিৰামে মনে মনে ঠিক কৰিলে, "এই পুখুৰীৰ পানীত জাপ দি আত্মহত্যা কৰিম—এই পাপী দেহাৰ অন্ত পেলাম।” আকৌ শনিৰামে নিজে নিজে হাঁহিলে, কিন্তু সেই হাঁহি আনন্দৰ হাঁহি নহয়, সি বিষম দুখৰ হাঁহি। প্ৰায় ১২॥ মান বজাত শনিয়ে মন ঠিক কৰিলে; কাপোৰ ককাঁলত বান্ধি “ককাই ঔ” বুলি পুখুৰীৰ সেই গভীৰ অতল জলত জাপ দিলে! এনেতে পাছফালৰ পৰা “বন্ধু!” বুলি চিঞৰ মাৰি নৰেন্দ্ৰ চৌধুৰীয়েও জাপ দি শনিৰামৰ ডিঙিত সাৱট মাৰি ধৰিলেগৈ!
⸺ ⸺