ইমান দিনে তেওঁ ধনীক এষাৰ ডাবি ধমকি দিয়া নাছিল; আজি হাকিমে চকু পকাই ধনীক কবলৈ ধৰিলে⸺ “ধনী! আজি চাৰি পাঁচ দিনে এজন মানুহো আনিব নোৱাৰিলি? তই সঁচাকৈয়ে মানুহ বিচাৰি গৈছিলি? সকলো জানো। মানুহ বিচাৰি যাওঁ বুলি তই ৰঘুনাথ গাঁওবুঢ়াৰ বৰ-চ’ৰাত বৰ মেলেকী হ’লিগৈ, নহয়? তোৰ সমান দুষ্ট মানুহ মই পোৱা নাই। তই ৰঘূনাথৰ জীয়েক লীলাক পাইছ; লীলাক পালে আৰু তোক একো নালাগে——লীলাই তোৰ খাজানা, লীলাই তোৰ মানুহ! মই ইমান দিনে তোৰ কোনো খবৰ লোৱা নাছিলোঁ। তই যে লীলাৰ নিমিত্তে পগলা তাৰ গম আগতেই পাইছোঁ। লীলাই যে তোৰ ধন, লীলাই যে তোৰ ধ্যান, সকলো জানো; সকলো জানি-শুনিও তোৰ সকলো দোষ ইমান দিনে ক্ষমা কৰি আছিলোঁ; কিন্তু আজি সি কথা নহৈছে। তই কালি- পুৱাই; — নহয় এতিয়াই, মোৰ ঘৰৰ পৰা ওলাই যা; তই আৰু মোৰ তলত চাকৰি কৰিব নালাগে। যা তই যা; লীলায়ে তোক ৰাখক। তই ভাবিছ যে লীলা তোৰ আপোন? ৰঘুনাথ তোৰ আপোন? যি ৰঘুনাথ গাঁওবুঢ়া, লীলাৰ কথা উলিয়ালেই গালত জোতা লগাব যা। দুষ্ট! অ’ বুজিলোঁ ইমান দিনে তই এই সোপা কৰিছ? যা তই মোৰ ঘৰতে নাথাকিবি, নহলে
পৃষ্ঠা:বৈৰাগী.pdf/৮৮
অৱয়ব