সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
বৈৰাগী
 

প্ৰতি তুমি এনুৱা নিৰ্দ্দয়? আহা! কি কৰিম? এয়ে মোৰ ভাগ্যত আছিল। তথাপি লীলা, মই তোমাৰ! চিৰদিন মই তোমাৰেই! তুমি বিনে মোৰ কোনো নাই। আমাৰ বিয়া কোনোৱা দিনতে হৈ গৈছে; কিন্তু কোনেও জনা নাই, শুনা নাই, এই মাত্ৰ বাকী। লীলা! তুমি মোক অকলে এৰি থৈ কলৈ গ’লা? হায়! আগতে জনা হলে তোমাক মই এনেকৈ ছাই হবলৈ নিদিলোঁহেতেন! প্ৰিয়তমা লীলা! লীলা! লীল!!” ডেকাজন মাটিতে বাগৰি পৰি থাকিল।

 ধনীৰাম আগদিনাখন গধূলি হতাশ মনেৰে ঘৰলৈ উভতি আহিছিল। তেওঁৰ মনত কেৱল চিন্তা লীলাৰ সেই লাণৱ্যময়ী মনোমোহা ছবি আৰু তাইৰ সেই কাতৰ অনুৰোধ। ধনী লীলাৰ কথা। ভাবি-চিন্তি অস্থিৰ হ’ল; তাতে আকৌ ঘৰ পাওঁতেই মৌজাদাৰ হাকিম ওলাই আহি মাত লগালে—— “ধনি! খবৰ কি? মানুহৰ কিবা যোগৰ কৰিব পাৰিলানে?’

 ⸺ “দেউতা, দিনৰ দিনটো চাৰিও পিনে ঘূৰি ফুৰিলোঁ, এজন মানুহকো ঘৰত নাপালোঁ। সকলো পলাই দিহাদিহি গৈছে; কি কৰিম? মানুহ নাপালেও কৰবাৰ পৰা আনি দিম নে?”

 ধনীয়ে তলমূৰ হৈ আকৌ ভাবিবলৈ ধৰিলে। ধনীৰ কথা শুনি মৌজাদাৰ হাকিম অগ্নিশৰ্মা হৈ উঠিল।