সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
বৈৰাগী
 

আমুকা মৌজাদাৰে ধৰি আনিছে। বেচেৰাৰ পিঠিখন চাব নোৱাৰা হৈছে—ফাটি ফাটি তেজ ওলাবলৈ ধৰিছে।”

 আমুকীয়ে পুতেকৰ এই নিদাৰুণ কষ্টৰ কথা শুনি কোন সতেৰে পুজাৰ ৰং-ধেমালি চায়? হিয়া-মূৰ ভুকুৱাই কান্দি কান্দি খলক্ লগাই ঘৰ পালে গৈ। অন্য এফালে হয়তো কেজনমান ৰঙা পাগুৰি পিন্ধা মানুহ একেলগ হৈ অহা দেখিলে “আয়ৈ, সেইবোৰ কিবা আহিছে” বুলি জাকে জাকে তিৰুতাবোৰ বাহিৰলৈ লৰ দিছে। কেতবোৰ বা বাহিৰৰ পৰা ভিতৰলৈ লৰ দিছে। পূজাৰ মাজত মহা হুলস্থুল লাগি পৰিল।

 লীলাৱতীৰ সখী চম্পাহঁতো পূজা চাবলৈ,গৈছিল কিন্তু আজি সিহঁতৰ লগত লীলাৱতী নোহোৱা বাবে সকলো কেইজনীয়ে লগলাগি আলিৰ কাষতে গছ এজোপা তলত আমন-জিমনকৈ পূজাৰ থলিৰ ফালে মুখকৈ থিয় হৈ আছে গৈ। সিহঁতৰ মনত পূজাৰ ৰং-ধেমালি চাবলৈ ভাল লগা নাই। সেই নিমিত্তে সিহঁত ভিতৰলৈ নগৈ বাহিৰতে তেনেকৈ থিয় হৈ আছে। এনেতে এজনী বুঢ়ীয়ে ‘আয়ৈ, আজি চম্পাৰ ককায়েককো হতচিৰি যোৱাহঁতে নিলে—” বুলি আলিয়েদি গুচি গ’ল। কথা শুনি চম্পাৰ হিয়া কঁপি উঠিল। চকু-যুৰি চকু-লোৰে পূৰ হ’ল, তাই হুক্হুককৈ কান্দিবলৈ ধৰিলে! চম্পা৷