সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
৭০
 

লৈও টনাটনি পৰিব। অন্যান্য মৌজাদাৰসকলে মানুহ ধৰি দি কত নাম কৰিবলৈ ধৰিছে! কোনো কোনো মৌজাদাৰে এই সুযোগতে ৰায় বাহাদুৰ, ৰায় চাহাবো হ’ব ধৰিলে!! কিন্তু মই নাৰকী ক'ত সোমালোঁহি!! হে হৰি! উপায় দিয়া প্ৰভু! দুৰ্ব্বলীক বল দিয়া, তুমি। তুমি যদি এই আপদত উদ্ধাৰ নকৰা তেন্তে মই সমূলঞ্চে মৰিলোঁ প্ৰভু! ধন, জন, মান-সন্মান, মাটি-বাৰী, ঐশ্বৰ্য্য -বিভূতি, হাতী-ঘোৰা সকলো যাব প্ৰভু! তুমি মোক বাটৰ ভিকহুহে কৰিব খুজিছানে? মোৰ নাম লোপ পাব, বংশ কলঙ্কিত হব। অগতিৰ গতি প্ৰভু, দয়া কৰা, এই সঙ্কটত!” এই চিন্তাই মৌজাদাৰ হাকিমক দিনে-ৰাতি জৰ্জ্জৰিত কৰিবলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা তেওঁৰ ভাত-পানীও বন্ধ হ’ল। দিনে-ৰাতি মূৰ-ঘমাই ভাবি-চিন্তি ঠিক কৰিলে—— “এবাৰ ধনীৰামক লগত লৈ গাঁৱৰ ফালে ওলাই যাওঁ। চাওঁচোন কি হয়!”

 পিচদিনা ৰাতি-পুৱা সপ্তমী পূজা আৰম্ভ হৈছে। জাকে জাকে ডেকা-বুঢ়া, লৰা-ছোৱালী পুজাৰ ,ফালে লৰ ধৰিলে। ৮।৯ বজাত মৌজাদাৰ হাকিমে এই সুযোগতে দুই চাৰি জন মানুহ ধৰিব পাৰিম বুলি ধনীক লগত লৈ গাঁৱৰ ফালে যাত্ৰা কৰিলে। তেওঁ যি ঘৰলৈ যায়, সেই ঘৰতেই লৰচৰ কৰিব নোৱাৰা বুঢ়া জন আৰু সৰু সৰু লৰা-ছোৱালী কেইটিৰ বাহিৰে মতা মানুহক দেখা নাপায়।