ষোড়শ আধ্যা
ধনীৰ দুৰ্দ্দশা
ধনীৰাম ইমান দিনে মৌজাদাৰৰ ঘৰত বৰ সুখেৰে কাম-কাজ কৰি খাই-লৈ আছে। মৌজাদাৰেও ধনীক নিজ পুত্ৰৰ নিচিনা আদৰ-চেনেহ কৰি ৰাখিছে। আগতে কোৱা হৈছে যে আমাৰ মৌজাদাৰ নামতহে,কামত নহয়; কামত ধনীৰামেই মৌজাদাৰ। মৌজাদাৰে যি যি কাম কৰিব লাগে, সেই কাম ধনীয়ে কৰি দিয়ে; তেওঁ কেৱল কঁপি কঁপি হাতেৰে কোনোমতে পঢ়িব পৰা-নপৰাকৈ দস্তখতটো দিয়ে। এয়ে আমাৰ মৌজাদাৰ হাকিমৰ বিদ্যা! মাননীয় জিলাধিপতিৰ হুকুম আমাৰ মৌজাদাৰৰ ওপৰতো নপৰাকৈ নাথাকিল | চাহাবৰ হুকুম পাই মৌজাদাৰৰ মুখ শুকাই টেমি যেন হ’ল। মৌজাদাৰৰ দিন ৰাতি চিন্তা হ’ল——মানুহনো ধৰোঁ কেনেকৈ; এই গাৰো, কছাৰী আদি গাঁৱত কোনে বা নিজ ইচ্ছা মতে সৈন্য লিষ্টিত ভুক্ত হব? ইহঁত যেনে এক কুবীয়া মানুহ সিহঁতৰ ওপৰত বলো নাখাটে। তেনেটো কৰিলে নিজৰ দেহা ৰক্ষা পৰাও টান হব! মানুহ ধৰি দি গৱৰ্ণমেণ্টক সহায় নকৰিম, নিজৰ ‘চাকৰি’ আৰু ‘পদবী’?