উসকো, লে যাও উসকো।” গাঁও-ভূঁইবোৰ অজলা, হোজা-চহা মানুহেৰে ভৰপূৰ। গাঁওবোৰত এখন হুলস্থুল লাগি উঠিল। কোনোবা মানুহক জোৰ কৰি ধৰি অনাত যদি ঘৈণীয়েকে মৌজাদাৰৰ ভৰিত ধৰি কান্দি কান্দি কয়হি, তথাপি তেওঁৰ সিফালে ভ্ৰূক্ষেপ নাই। তদুপৰি ‘চাহাবৰ হুকুম। বেটী, ভাগো হিয়াসে” ইত্যাদি মিঠা মাতেৰে আজলী তিৰুতাজনীক বিদায় দিয়ে!
দেশত অশান্তি বিয়পি পৰিল | গাঁও-ভূঁইবোৰত ঘৰত মতা মানুহ নোহোৱা হ’ল। মান-ভগনৰ সময়ৰ নিচিনা মতা মানুহবোৰে কানি-কাপোৰত কেটামান আঠীয়াকল আৰু এক্ঠা বোকা (কোমল) চাউল বান্ধি লৈ হাবি-বননি, পৰ্ব্বত-পাহাৰত আশ্ৰয় ললেগৈ। কোনোৱে বা কোনো ফালে যাব নোৱাৰি পথাৰৰ ধানৰ মাজত মৰাপাটৰ খেতিৰ মাজত, কুঁহিৱাৰ বাৰীৰ ভিতৰত, বাৰীৰ পাচৰ খালৰ তলিত, দিনৰ দিনটো পেট-পেলাই পৰি থাকে। তাত কোনোৱে বা অনাহাৰে দিন নিয়াব ধৰিলে; কোনোৱে বা পিঠা-গুৰি আঠীয়া-কলৰ শ্ৰাদ্ধ কৰিলে। কোনোৱে বা দিনটো পেটত বান্ধ দি থাকি ৰাতি হাততসাৰে, ভৰিতসাৰে পাচ ফালৰ খালৰ পৰা ওলাই আহি ভাত এমুঠি কাণে-নাকে গুজি আকৌ সেই খালৰ তলিত মহ-ডাঁহৰ কামোৰত হুল-জোঙৰ ওপৰত আশ্ৰয় লয়গৈ। দুখীয়া ৰায়তৰ বিলাই-বিপত্তিৰ