তেওঁলোকক পায় কোনে? কিমান ৰায়ত এনেকুৱা দুখীয়া আছে যে সিহঁতে বছৰ দিন খেতিবাতি কৰি লৰা-তিৰোতাক পুহিবলৈ বছৰেকীয়া ভাত কেইটাও নাপায়। ইপিনে মৌজাদাৰসকলেও খাজানাৰ বাবে সিহঁতক “তাগিদ” কৰিবলৈ ধৰে। সিহঁতে ৰজাৰ খাজানাকে দিয়ে নে কাপোৰ-কানিকে লয়, নে সৰ্ব্ব হুতাশন পেটটোকে পোহে। সিহঁতে “হাঁ ভাত' “হাঁ টকা” কৰি চাৰিওপিনে ঘূৰি ফুৰে, তথাপি ৰজাৰ খাজানা পৰিশোধ কৰিবৰ নোৱাৰে। কেইদিনমান পিচতে দেখা যায় যে মৌজাদাৰে সিহঁতৰ ওপৰত ক্ৰোকী পৰওৱানা জাৰি কৰি সিহঁতৰ আগৰ পৰা হালৰ গৰু হাল, খীৰোৱা গাইজনী, ভাতখোৱা কাঁহি-বাটি, পানীখোৱা লোটা-ঘটি আটাইকে ক্ৰোক কৰি আনি নীলামত বিক্ৰী কৰি খাজানা আদায় কৰে। কোনো কোনো মানুহৰ একো বিচাৰি নাপাই মাটিডৰাকে ক্ৰোক কৰি নীলামত বিক্ৰী কৰি খাজানা আদায় কৰে। এনেকুৱাই ৰায়তৰ অৱস্থা!
মৌজাদাৰসকল “মানুহ-ধৰা” ক্ষমতা পাই নাচি উঠিল। তেওঁলোকে অসম গৱৰ্ণমেণ্টক সহায় কৰিবৰ নিমিত্তে উঠি-পৰি লাগিল। লগত পিয়াদা টেকেলা লৈ গাঁৱে গাঁৱে ফুৰিবলৈ ধৰিলে। কোনোৱে হয়তো ৰং মনেৰে সৈন্যৰ লিষ্টিত ভুক্ত হলহি, কিন্তু যেয়ে আপত্তি কৰিলে মৌজাদাৰে হুকুম দিলে——“লাগাওঁ উস্কো দশ্ পাঁচ, পাকাৰাও