চতুৰ্দ্দশ আধ্যা
আবৰ-উপদ্ৰৱ
ৰাতি মিঃ উইল্চন নিশ্চিন্তমনে সীমানাৰ বঙলাত শুই আছে। ৰাতি প্ৰায় ৯।১০ মান বাজিছে, এনেতে ৫|৬টা মান শেল——জাঠী, তীড়-ধনুধাৰী আবৰ খোলা দা হাতত লৈ সুপ্ত উইল্চনৰ আগত ভয়ঙ্কৰ মুৰ্ত্তি ধৰি উপস্থিত। পলকতে ইংৰাজ তম্বুত হাহাকাৰ লাগি উঠিল। লগে লগে শশ আবৰ যোদ্ধাই ইংৰাজ তম্বু আক্ৰমণ কৰিলেহি। ইংৰাজবোৰ নিৰস্ত্ৰ; বিশেষতঃ যুদ্ধাদি নহলে তেওঁলোকে লগত একোটা বন্দুকৰ বাহিৰে তৰোৱাল আদি একো নাৰাখে। তাতে আকৌ ৰাতি নিদ্ৰিত অৱস্থা——বন্দুকেই বা ক’ত আছে, অস্ত্ৰ-সস্ত্ৰই বা ক’ত। কাজেই তেওঁলোকে দিহাদিহি পলাই সদিয়া পালেহি। তেওঁলোকে সদিয়াত সকলো খবৰ জনালেহি। ৰাতিপুৱা মিঃ উইল্চনৰ বঙলালৈ ফৌজ পঠোৱা হ’ল।
সিফালে মিঃ উইল্চনে পাৰ্য্যমানে আত্ম-ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল; কিন্তু ৫।৬টা ৰাক্ষসৰ আগত তেখেত কোন কুটা? তাতে আকৌ নিদ্ৰিতাৱস্থ⸺অস্ত্ৰহীন নিৰুপায়। আবৰহঁতে মিঃ উইল্চনক কচু কটাদি থুকুচি থুকুচি কাটিলে। সকলোৱে লগ লাগি মিঃ উইল্চনৰ ভৰি,