এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
বৈৰাগী
১০।১২ জন শেলজাঠি, তীড় ধনুধাৰী ভীমকায় আবৰ তেখেতৰ আগত উপস্থিত হ’লহি। দোষ হ’ল——তেখেতে সীমাৰ শিল এটা হেনো সিহঁতৰ ৰাজ্যৰ কিছু ভিতৰত পুতিছিল। মিঃ উইল্চন্ আৰু তেখেতৰ মানুহবোৰ সিহঁতৰ ৰণ-মূৰ্ত্তি দেখি, সিহঁতৰ চকুৰ পাক দেখি অবাক্ হ’ল। সিহঁতে বিনাবাক্যে মিঃ উইল্চনৰ ফালে কেৰাহিকৈ চাই দাঁত কামুৰি গুচি গ’ল।
⸻