সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
৫৬
 

উপায়! এই দুৰ্ব্বল হৃদয়ত বল দিয়া আজি এই জীৱন শেষ কৰোঁ ৷”

 ৰাতি হ’ল ৷ বুঢ়ী বান্দীজনীয়ে লীলাক কত কাবৌ-কাকুতি কৰিলে, তথাপি লীলা বাহিৰ ওলাই নাহিল। বাপেকে আহি লীলাক ভাত খাবলৈ মাতিলে, কিন্তু লীলা বাহিৰলৈ ওলাই নাহিল ৷ বুঢ়ীজনীয়ে আৰু বাপেকেমনত দুখ কৰি ভাত-পানী খাই শুই থাকিল ৷ ইপিনে লীলা ভাবনা সাগৰত পৰি কক্‌-বকাবলৈ ধৰিলে আৰু মাজে সময়ে নিজে নিজে কলে “হে প্ৰভু, অবলা বালাক বল দিয়া !”

 পিছদিনা ৰাতিপুৱা বুঢ়ীজনী লীলাৰ শোৱা-কোঠালীৰ মুখলৈ গৈ “আইটি, উঠা, উঠা” বুলি দুৱাৰখনত হেঁচা দিলে ৷ লীলাৰ মাত নাই ৷ তাই নিজৰ কামত ধৰিলে ৷ কাম শেষ হলত লীলা শুই নুঠা দেখি আকৌ তালৈ গৈ “আইটি, আইটি” বুলি বাৰে বাৰে মাতিবলৈ ধৰিলে। কিন্তু লীলাৰ পৰা কোনো উত্তৰ নাহিল। তাই গাৰ বলেৰে দুৱাৰত খুন্দিয়াবলৈ ধৰিলে; শেষত দুৱাৰ আপোনা-আপুনি মেল খালে ৷ ঘৰত সোমাই দেখে, লীলা বিছনাত নাই, অথচ দুৱাৰ জপোৱা। তাই ইপিনে সিপিনে চাই দেখিলে যে এটা চুকৰ কোণত লীলাৱতী জৰী এডালত ওলমি আছে! লীলাৰ প্ৰাণপক্ষী ৰাতিতে উৰি গৈছে ৷ লীলা আৰু এই সংসাৰত নাই !!!