সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
বৈৰাগী
 

পলাই গ’ল, কোনে কাক মাৰিলে, ইত্যাদি নানা ৰহস্যৰ কথাৰ নদী বব ধৰিলে। এনেতে লীলাহঁতৰ বুঢ়ী বান্দীজনী দুয়োৰো মাজত উপস্থিত হ’লহি। বুঢ়ীজনীক দেখি পদ্মাৰ মাকে কলে—“কি অ বাই, আজিনো কলৈ আহিলি?”

 ——তোমালোকৰ ফালেই ওলাই আহিছোঁ আইদেও।

 ——তহঁতৰনো লীলা কলৈ গৈছে? আজি কেবাদিনো আমাৰ ফালে অহা নাই কিয়?

 ——আইটি, নকবা দেও। তাই দেখোঁ আজি কেদিনমানৰপৰা সদায় কিবাকিবি ভাবি থাকে। ভাত-পানীতো সিমান ৰতি নাই। দিনে দিনে শুকাই খীণাই যাব ধৰিছে। মই অসুখ-বিসুখৰ কথা সুধিলেও দেখোঁ তাই একো হোৱা নাই বুলি কয়; কি হৈছে কেনেকৈ কম আইদেও সকল?

 এইবোৰ কথা-বতৰা হৈ থাকোঁতে ওচৰ-চুবুৰীয়া হৰিমতীৰ আৰু অহল্যাৰ মাকো তাত উপস্থিত হ’লহি। কথাবোৰ শুনি হৰিমতীৰ মাকে কলে, “নহয়, পদ্মাৰ মাক। আজি গ’ল ৰাতি দেখোঁ আমাৰ হৰিমতীয়ে কলে, লীলাৰ বিয়া বোলে অলপতে মৌজাদাৰৰ ঘৰত থকা বিষয়াজনৰ লগত হব।

 এনেতে ৰঘুনাথ গাঁওবুঢা কিবা বিচাৰি পদ্মাহঁতৰ ঘৰলৈ আহিল। বুঢ়ী কেইজনীয়ে ইমুখ-সিমুখকৈ এজনী এজনীকৈ উঠি গ’ল।