ৰতে থকা মুঢ়া এটাত বহিলগৈ। অলপ পিচতে হৰেন সাৰ পাই এই বেলি উঠি বহিল। আঁঠুৱা খন দাঙি দেখে যে জয়মতী মনে মনে তেওঁৰ ফালে চকু দি বহি আছে। হৰেন অবাক্! নিজে নিজে মনতে কবলৈ ধৰিলে——জয়মতী! এই ৰাতি কেলেই ইয়ালৈ আহিল? ই যে লোকৰ ঘৰ; এই কথা ধনীৰামে জানিব পাৰিলে মহা বিপদ। অৱশেহত হৰেনে মাত দিলে “জয়মতী!” জয়মতী নিমাত। লাজতে তলমূৰ হ’ল; একো উত্তৰ নিদিলে।
হৰেনে আকৌ সুধিলে——“জয়া। এই দুপৰ ৰাতি তুমি ইয়ালৈ কেলেই আহিছা?”
জয়মতীয়ে তলমূৰ হৈ বহুত ভাবিলে⸺উত্তৰ নিদিম, ইয়ালৈ অহাৰ কোনো কাম নহ’ল; উত্তৰ দিবলৈ লাজ লাগে। জয়মতী বিমোৰত পৰিল। শেহত উত্তৰ নিদি নোৱাৰিলে। কোমল সুৰেৰে কবলৈ ধৰিলে—“মই আপোনাক চাবৰ নিমিত্তেই আহিছোঁ।” জয়মতীৰ চকুত চকু-লোৱে দেখা দিলে। হৰেনে দেখি কলে——“তুমি কান্দিছা কেলেই?” লৰালৰিকৈ চকু-লো মচি জয়মতীয়ে কলে——“আপোনাক সিদিনাখন পুখুৰী পাৰত দেখিবৰে পৰা মোৰ মন বেয়া লাগিছে; মন উৰুঙা উৰুঙা যেন লাগিছে মনত অলপো সুখ-শান্তিনাই। আপোনাক সদায় দেখি থাকিবৰ আৰু আপো-