কৰি থাকিল। তেওঁলোক দুয়ো আগেয়ে একেলগে শুইছিল, কিন্তু আজি বিশেষ অসুবিধাত পৰি হৰেনৰ নিমিত্তে বেলেগ বিছনা কৰি দিয়া হ’ল। হৰেন শোৱা কোঠালীত সোমালগৈ।
এই কোঠালীটো সৰু হলেও নানা ৰকম ধুনীয়া বস্তুৰে সুসজ্জিত। বেৰৰ চাৰিও ফালে নানা তৰহৰ ছবি, ফটো, উলসূতাৰে কাম কৰা নানা ৰকম ছবি আঁৰি থোৱা হৈছে। কোঠালীটোৰ এফালে এখন সুন্দৰ ছালপিৰা চিত্ৰবিচিত্ৰ কাপোৰেৰে ঢাকি থৈছে। ধুনীয়া গাৰু দুটা যথাস্থানত ৰখা হৈছে। বিছনাৰ ওচৰতে এখন মেজ পতা আছে। সিওখন চিত্ৰবিচিত্ৰ কাপোৰেৰে ঢকা। তাৰ ওপৰত ৰঙা বগা সুগন্ধি ফুলৰ ফুলদানি ৰখা হৈছে। তাৰ কাষতে মম-বাতি জ্বলি আছে। বিছনাৰ ওপৰত ধুনীয়া আঁঠুৱা টানি থোৱা হৈছে। কোঠালীটো সুগন্ধেৰে পৰিপূৰ্ণ। হৰেনে কোঠালীত সোমায়েই বেৰৰ চাৰিওফালে চাবলৈ ধৰিলে। মন-প্ৰাণ নাচি উঠিল। লাহেকৈ বিছনাত উঠি বহিল আৰু খিড়িকীখন মেলি দিলে। দেখে যে সমুখতে এখনি সৰু সুন্দৰ বাগিচা। শেৱালী, মালতী, গোলাপ,বকুল ইত্যাদি নানা তৰহৰ ফুলেৰে ভৰা। সিহঁতে মুখত ফুলি থকা ফুল কেইটি লৈ বতাহতে হালি জালি সকলো পিনে সৌৰভ বিলাইছে। তাতে আকৌ জোন