সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বৈৰাগী
 

বোৰ ভাগি খণ্ড খণ্ড হ’ল। বটলৰ আঘাতত ধনীৰ নাক মুখ, হাত-ভৰি ক্ষতবিক্ষত হ’ল। ধনীয়ে আৰু সহ্য কৰিবলৈ নোৱাৰাত পৰিল। শেষত অচেতন হৈ মাটিত দীঘল হৈ পৰি গ’ল। এনেতে দূৰৰপৰা এজনী গাভৰু কঁকালত কাপোৰ বান্ধি হাতত এখন দীঘল দা লৈ ভয়ঙ্কৰ মূৰ্তি ধৰি সেই ঠাইলৈ লৰি অহা দেখা গ’ল। কছাৰীহঁত ৰণচণ্ডী সাক্ষাৎ ৺কালীমূৰ্ত্তি দেখি দিহাদিহি পলাল। গাভৰুজনীয়ে দেখিলে যে ধনী অচেতন হৈ পৰিছে। লৰালৰিকৈ ওচৰৰ কলহী নদীখনলৈ গৈ কাপোৰ এখন ভিজাই আনি ধনীৰ চকু-মুখত পানী দিলে আৰু ঘাবোৰ ধুলে। ঘাবোৰ ধুই উঠিল, তথাপি ধনীৰ তত নাই। গাভৰুজনী বহি পৰিল আৰু ধনীৰ মূৰটো কোলাত লৈ কাপোৰৰ আঁচলেৰে বিছিব ধৰিলে। সাৱিত্ৰীয়ে সত্যৱানক কোলাত লৈ যেন যম ৰজাৰ ওচৰত সত্যৱানৰ প্ৰাণ ভিক্ষা মাগিছে! লাহে লাহে ধনীৰ জ্ঞান হ’ল। যুৱতীজনীয়ে পাৰেমানে ধনীৰ যতন লৈছে। ধনীয়ে লাহে লাহে মূৰ দাঙি চকু মেলি চাই দেখে যে এজনী ছোৱালীয়ে তেওঁৰ যতন লৈছে। যুৱতীজনীক যেন ধনীয়ে চিনি পায়, কিন্তু মাতোঁ মাতোঁ বুলি মাতিবলৈ সাহ হোৱা নাই। অৱশেষত মাত লগালে— “লীলা!” আকৌ মূৰ্চ্ছা গ’ল। লীলাই ধনীক আকৌ শুশ্ৰূষা কৰিবলৈ ধৰিলে। ধনীয়ে অলপ বেলিৰ মূৰত