সকলো আনন্দতে বিভোৰ আৰু আপোন-পাহৰা হৈ উঠিছে।
ধনীৰামেও নিজৰ ঘৰলৈ আহি ৰঙালী বিহুত যোগদান দিব বুলি ভাবি আগদিনাখন মৌজাদাৰ হাকিমৰ ওচৰত অনুমতি ললে। আহিবৰ সময়ত মৌজাদাৰে ধনীৰামক ভিতৰলৈ মাতি নি কলে—“বোপাই ধনী! কাইলৈ অৱশ্যে মহোৎসৱৰ দিন; তুমিও ঘৰলৈ যাবলৈ ওলালা। তোমাৰ ভনীয়েৰা আৰু মাৰাও তোমাৰ নিমিত্তে পগলা। কিন্তু ধনী, তুমিতো নিজেই জানা——কছাৰী গাঁৱত কিমান টকা বাকী আছে। সিহঁতক নানা ৰকম তাগিদ কৰিলেও হঠাৎ টকা আদায় নহয়; বিশেষতঃ সিহত ক’ত থাকে, ক'ত খাই একো নীমা সীমা নাই। কিন্তু কাইলৈ সকলো মানুহ চাৰিও ফালৰপৰা আহি বিহুত গোট খাব। যদি এই সুযোগতে সিহঁতৰ গাঁওবুঢ়াৰ সহায় লোৱা হয়, তেন্তে বাকী খাজানা আদায় কৰিবৰ সুবিধা হব। এতেকে তুমি আজি ঘৰলৈ যাব নালাগে; কাইলৈ তুমি ভাটী- বেলা কছাৰী গাঁৱলৈ যাবা আৰু গাঁওবুঢ়াক লগ ধৰি যি পাৰা কৰিবা।”
ধনী নিমাত। তেওঁ মৌজাদাৰৰ কথাবোৰ শুনি ভাবি-চিন্তি ঘৰলৈ নোযোৱাকে ঠিক কৰিলে। ধনীৰামে মৌজাদাৰৰ ঘৰতে হৰেনৰ লগত বিহুৰ আনন্দ উপভোগ