নতুন মাহ। দিনো নতুন। মুনিহ-তিৰুতা সকলোৱে গা-মূৰ ধুই নতুন কাপোৰ-কানি পিন্ধি নতুন হৈ উঠিছে। গৰু-ম’হবোৰৰ গা ধুৱাই দিয়াত সিহঁতো নতুন যেন হৈছে প্ৰকৃতি দেৱীও নতুন হৈ ওলাইছে। খেতি-পথাৰলৈ চোৱাঁ, সিহঁতো কোমল নতুন শস্যৰে পৰিপূৰ্ণ। যিপিনেই চোৱা যায় সেই পিনেই নতুন দেখা যায়।
প্যাৰি গাঁৱৰ প্ৰায় ২০ মাইল মান পছিমে কছাৰী গাঁও। তাতো বিহুৰ ধ্বনি বাজি উঠিছে। দুপৰীয়া বাৰ মান বজাত মুনিহ-তিৰুতা সকলোৱে সিহঁতৰ ঘৰুৱা উপাস্য দেৱ-দেৱীৰ পূজা আদি কৰি সুৰা-দেৱীৰ পূজা কৰিছে। বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী, লৰা-ছোৱালী সকলোৱে সুৰা-দেৱীৰ নিৰ্ম্মালি লৈছে আৰু লগে লগে মতলীয়া হৈ উঠিছে। কিছুমানে মাদল বজাইছে, কোনোৱেবা বাঁহীত ফু দিছে। কোনোৱে বা তাল বজাইছে, কোনোৱে বিহুৰ গীত গাইছে, কিছুমানে তালৰ ছেৱে ছেৱে ঘূৰি ঘূৰি নাচিছে। সকলো আনন্দতে মতলীয়া। সিহঁতে মনতে আনন্দৰ বজাৰ পাতিছে। সকলো ফালে ধুম্ধাম্ পৰি গৈছে। ডেকা-ডেকেৰীবোৰে লাহে লাহে বাহিৰলৈ ওলাই গৈছে আৰু জুমে জুমে গীত গাইছে, হাঁহিছে; নাচিছে; ছেৱে ছেৱে নিজ প্ৰণয়িনীক ডেকাবোৰে দুটি এটি চুমা দিছে।