সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নবম আধ্যা

ডেকা-গাভৰু

 ব’হাগ বিহুৰ ধ্বনি প্ৰত্যেক ডেকা-গাভৰুৰ কাণে কাণে বাজি উঠিছে; তাৰ তালে তালে, ছেৱে ছেৱে মন-প্ৰাণো আনন্দত নাচি উঠিছে। আজি অসমীয়াৰ ৰঙালী বিহু-মহোৎসৱৰ দিন। ই জীৱনৰ এটা নতুন দিন। বসন্তৰ লগে লগে যেনেকৈ প্ৰকৃতি দেৱীয়ে নতুন সাজ-পাৰ পিন্ধিছে—গছ-লতাবোৰে নতুন পাত ধৰিছে, ফুলগছবোৰে নতুন ফুল মুখত লৈ হাঁহি হাঁহি বসন্তৰ ধীৰ বতাহৰ লগে লগে হালি-জালি নাচিছে, চৰাইবোৰে খেলি-মেলি কৰি ঈশ-গান গাইছে, কুলিয়ে গছৰ ডালত পৰি পাতৰ মাজৰপৰা “কু” “কু'” কৰি প্ৰকৃতি দেৱীক সজাগ কৰিছে, তেনেকৈয়ে প্ৰকৃতিক অনুকৰণ কৰি ৰাতিপুৱাই মুনিহসকলে গৰু-ম’হবোৰ ওচৰৰ বিল, পুখুৰী, নৈ আদিত ৰং-ধেমালি কৰি ধুৱাই ঘৰলৈ আহি নতুন কাপোৰ-কানি লৈছে। ঘৰত তিৰুতাবোৰে ঘৰ-দুৱাৰ পৰিষ্কাৰকৈ মচি গা-মূৰ ধুই নতুনকৈ বিহুৰ কাপোৰ পিন্ধিছে। সকলোৱে আনন্দতে ৰঙালী হৈ উঠিছে! আজি সকলো নতুন। নতুন বছৰ।