পাবলৈ নাই। গৰু, ম’হবোৰে হোলা-ডোবাবোৰত পিউ, পিউকৈ পানী বিচাৰি নাপাই বোকাবোৰকে চেলেকি খাই পিয়াহ পলুৱাইছে। বাটৰুৱাবোৰে তত নাপাই গছৰ ছাঁয়াত খন্তেক জিৰণি লৈছে। এনেতে ধনীৰাম গাঁও ফুৰি ফুৰি পিয়াহত কাতৰ হৈ এগৰাকী চহকী, মানুহৰ ঘৰত উপস্থিত হ’লগৈ। পদূলি মুখত ঘোঁৰাটো বান্ধি থৈ “কোন আছে?” বুলি সোধাত এজনী প্ৰায় পোন্ধৰ বছৰীয়া ছোৱালী বাহিৰলৈ ওলাই আহি ‘কোন!’ বুলি উত্তৰ দিলে। ধনীৰামে—"খাবলৈ পানী অলপ দিয়াচোন” বুলি কৈ ছোৱালীজনীৰ ফালে ৰ’ লাগি চাই ৰ’ল। লীলাৱতী লাজতে তলমূৰ হ’ল আৰু লাহে লাহে ভিতৰলৈ সোমাই গ’ল। ধনীৰামে বিনা নিমন্ত্ৰণে বিনা বাক্যে বাহিৰতে পাতি থোৱা বেঞ্চি এখনত বহি পৰিলগৈ। লীলাৰতীয়ে ঘৰলৈ গৈ চাকৰ এজনক বিচাৰিলে কিন্তু লগ নাপালে। ঘৰত কোনো নাই; বাপেক ৰঘুনাথ গাঁওবুঢ়াও গাওঁলৈ ওলাই গৈছে। লীলাৱতী ভাৱনাত পৰিল “এই অচিনাকী ডেকাজনক কেনেকৈ সন্তুষ্ট কৰি বিদায় দিওঁ? পিয়াহত পানী এটোপা নিদিলে যে মহাপাপ হব! উপায় কি?” এনেতে চাকৰ এজন ভিতৰলৈ আহিল। লীলাৱতীয়ে উৱাহ পালে। ততালিকে তাৰ হাতত পানী এলোটা আৰু তামোল-ছালি দি পঠালে। লীলাই ভাবিলে “পিতাৰ
পৃষ্ঠা:বৈৰাগী.pdf/৪২
অৱয়ব