নাপালে। বাপেকে তেওঁক পঢ়িবলৈ দিলে কিন্তু তেওঁৰ হলে পঢ়াৰ কালে বেছি ধাউতি নাছিল। সেই বাবে হৰেন্দ্ৰই পঢ়া এৰি দি ঘৰলৈ আহিল। বাপেকে হৰেনৰ জীৱনৰ একো দিহা লগাব নোৱাৰি এখন সৰু মৌজাৰ ভাৰ তেওঁৰ ওপৰত দিলে। হৰেনে নিজে শ্ৰমশীল আৰু কাৰ্য্যপটু গুণে সেই মৌজাখন সুখ্যাতিৰে চলাবলৈ ধৰাত বাপেকেও বৰ সন্তোষ পালে।
হৰেন্দ্ৰ মাক-বাপেকৰ বৰ চেনেহৰ লৰা। অলপ জ্বৰ বা কোনো অসুখ হলেই মানুহ পঠাই হৰেনক ঘৰলৈ লৈ আহে। এই সুবিধাতে হৰেন্দ্ৰ ঘোঁৰাত উঠি ধনীৰ লগত প্যাৰি গাঁৱলৈ যায় আৰু তিনি চাৰি দিন ৰং-ধেমালি কৰি থাকি দুয়ো মুন্সি গাঁৱলৈ উভতি আহে। সেই সুযোগত হৰেনে জয়মতীক দেখা পায় আক তেওঁৰ ৰূপ-গুণ দেখি বিমোহিত হয়। প্ৰথম দিনা দেখিবৰে পৰা হৰেনে জয়মতীক অন্তৰেৰে সৈতে ভালপায়, কিন্তু জয়মতীয়ে হৰেনক ভালপায় নে নাপায় কব নোৱাৰোঁ। হৰেন্দ্ৰই জয়মতীৰ লগত দেখা-সাক্ষাৎ কৰিবলৈ আৰু কথা-বতৰা কবলৈ বহু দিন চেষ্টা কৰিলে, কিন্তু এদিনো সুবিধা পোৱা নাছিল। সেই নিমিত্তে আজিলৈকে হৰেন্দ্ৰ আৰু জয়মতীৰ ভাল চিনা-পৰিচয় হৈ উঠা নাই হৰেন্দ্ৰৰ জয়মতীক দেখিবলৈ প্ৰবল ইচ্ছা। নিজৰ মৌজাৰপৰা কোনো কাৰণে ঘৰলৈ