এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
'
ষষ্ঠ আধ্যা
পাপৰ পৰাচিত
এদিন ৰাতি দুখুৱে খাই-বৈ উঠি স্বামী-গুৰুক সুঁৱৰি শুইছেগৈ। জয়মতী টোপনিৰ পৰা সাৰ পাই কান্দি উঠিল। তেওঁ জয়মতীক নিচুকাই আকেৌ শুৱাই থলে। এনেতে শুনিব পালে যে, বৰুৱাৰ ঘৰৰ ফালে কোনোৱাই টান নৰিয়াত পৰাৰ নিচিনাকৈ কেকাব ধৰিছে।
দুদিনমান আগৰপৰা আমাৰ সেই পিশাচ প্ৰকৃতিৰ বৰবৰুৱাৰ বৰ টান নৰিয়া। তেওঁ গুৰুচৰণৰ ঘৰতে নৰিয়াত পৰে; কিন্তু বৰুৱাৰ স্বভাৱৰ গুণেই হওক বা আন কাৰণেই হওক গুৰুৰ মাকে তেওঁক তাৰপৰা খেদি দিলে। সেইদেখি বৰুৱাদেৱে উপায়ান্তৰ নেদেখি শেষত নিজৰ ভগা পঁজা ডোখৰতে আশ্ৰয় লৈছেহি। দুখুৱে বৰুৱাৰ কৰুণ স্বৰ আৰু পিয়াহত পৰি “পানী, পানী’ বুলি খোজা কাতৰ বিননি শুনি সহিব নোৱাৰিলে। দুখুৰ কোমল অন্তৰ মৰমতে পমি গল; তেওঁৰ কোমল হৃদয় দুখতে গলি গল। তেওঁ বাহিৰলৈ ওলাই আহিবৰ মন কৰিলে, কিন্তু বৰুৱাৰ কুকীৰ্ত্তিৰ স্মৃতিয়ে তেওঁক