সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
২০
 

বুজিব সেই গভীৰ নিশা অকলে শোৱা কোঠালীত বহি বহি দুখুৱে হিয়ামূৰ ভুকুৱাই কেলেই কান্দিছে? কোনে ভাবিব দুখ স্বামী-শোকত অধৈৰ্য্য হৈছে? কোনে ভাবিব দুখুৰ দুখ হৈছে? “নিজ কষ্ট বুজা নিজে, কি বুজিব আনে” মিছা নহয়।

 যি কি নহওক, দিনে দিনে দুখুৰ স্বামী-শোক অলপ অলপকৈ পাতলি আহিব লাগিছে। ধনীয়ে নিজে মোমায়েকৰ লগত কাম-কাজ কৰি ফুৰে। শনিৰামেও চৈধ্য বছৰ বয়সত ভৰি দিলেহি। দুখুৱে এই জোন যেন মুখ দুখনি দেখি স্বামী-শোক পাহৰিব ধৰিলে। দুখুৱে উঠোঁতে, বহোঁতে, খাওঁতে লওঁতে সদায় ভাবে আৰু ঈশ্বৰৰ ওচৰত হাতযোৰকৈ প্ৰাৰ্থনা কৰে——“হে দয়াময়! নিসহায়া নিৰশ্ৰায়া বিধৱাক কিমান দুখ দিয়া! ইমানতে আঁটিছে প্ৰভু! মোৰ এই বাছা দুড়ুখৰিক যেন ভালে ৰাখা আৰু যেন সিহঁতক পিতৃ-নাম ৰাখিবৰ নিমিত্তে সমৰ্থ কৰা —এয়েহে শত শত প্ৰাৰ্থনা। এই মুখ দুখনি দেখিয়েই যেন স্বামী-শোক পাহৰিব পাৰোঁ। পিতৃ-মাতৃৰ আৰু স্বামী গুৰুৰ শীচৰণ আশীৰ্ব্বাদে যেন সতী ধৰ্ম্ম ৰক্ষণ কৰিব পাৰোঁ।”

 বাস্তৱিকতে দুখুৰ প্ৰাৰ্থনা পূৰ হল। দুখুৰ মনোবাঞ্ছা সিদ্ধি হ’ল। দয়াময় হৰি দুখু বিধৱাৰ প্ৰতি সুপ্ৰসন্ন হ'ল।

 প্যাৰি গাঁৱৰ ছমাইলমান দক্ষিণে মৌজাদাৰ হাকিমৰ ঘৰ। সেই সময়ত মৌজাদাৰ সকলক তহশীলদাৰ বুলি-