সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম আধ্যা

বিধি সুপ্ৰসন্ন

 দুখুৰ ঘৰ-বাৰী শ্মাশনত পৰিণত হোৱাৰ পিচত তেওঁৰ ভায়েক মুকুন্দই সকলো কাম চলায়। তেওঁৰ ভালেমান গৰু-গাই আছিল, মুকুন্দই তাৰে কিছুমান বেচিলে আৰু এজন চাকৰ ৰাখি দি সদায় ধনীক লগত লৈ ফুৰিবলৈ ধৰিলে।

 দিন যায়, ৰাতি আহে; আকৌ ৰাতি যায়, দিন আহে। দিনৰ পিচত দিন গ’ল, মাহৰ পিচত মাহ গ’ল, বছৰৰ পিচত বছৰ গ'ল। ক্ৰমে ধনীৰামে ওঠৰ বছৰ বয়সত ভৰি দিলেহি। দুখুৰ ঘৰ পুনৰাই ধন-ধানেৰে পূৰ হ’ল। তেওঁৰ ধন-ধানৰ বিষয় কোনো চিন্তা নোহোৱা হ’ল। কিন্তু স্বামী-শোক পাহৰে, কেনেকৈ? দিনৰ দিনটো ঘৰৰ কাম কৰি থাকে, কোনো দুখ-শোক ওচৰলৈ আহিব নোৱাৰে। কিন্তু ৰাতি, যেতিয়া ঘৰৰ সকলো কাম-কাজ এৰি খায়-লৈ উঠি ঢাৰিপাটিত পৰি নিদ্ৰা দেৱীৰ আশ্ৰয় লয়গৈ, তেতিয়া যে তেওঁৰ অন্তৰ কিমান ভাৱনা-চিন্তাৰে পূৰ হয়, কোনে জানে? কোনে