সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
১৮
 

ইয়াত অকলে থাকিব লাগিব।” ধনীয়ে বৰুৱাৰ এই পৈশাচিক কথাবোৰৰ একো উত্তৰ দিব নোৱাৰিলে। মাকৰ ওচৰলৈ লৰি গৈ সকলো কথা মাকক ভাঙি পাতি কলে। দুখুৱে এই কথাবোৰ শুনি মূৰে-কপালে হাত দিলে। অলপ বেলি ভাবি-চিন্তি নিজৰ মনক নিজে প্ৰবোধ দি বৰুৱাদেওক মাত লগালে——“বৰুৱাদেও! এইবোৰ আপুনি কি বকিবলৈ ধৰিছে? জ্বলা-জুইত আকৌ ঘিঁউ ঢালি দিবলৈ আহিছে নে?”

 বৰুৱাই দুখুৰ মাত শুনি তাত খন্তেকো নৰল——বাহিৰলৈ ওলাই গল। যাওঁতে নিজে-নিজে কিবাকিবি বিৰবিৰকৈ সেই মন্ত্ৰণা-ঘৰ——গুৰুচৰণৰ ঘৰলৈ বাট ধৰিলে।