সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বৈৰাগী
 

দুপৰীয়া মহাশ্মশানৰ ফালে যাবলৈ গা শিয়ঁৰি উঠিল । তথাপি সন্তানৰ প্ৰতি চেনেহত অন্ধ হৈ লাহে লাহে শ্মশানৰ ভিতৰলৈ খোজ ললে । ক্ৰমে কান্দোনৰ ধ্বনি ভালকৈ শুনিলে আৰু সিহঁতৰ মাত বুজি পাই ঘটনা স্থললৈ লৰ দিলে । দেখে যে, দুয়ো ভাই-ককায়ে গলত ধৰাধৰিকৈ কান্দিবলৈ ধৰিছে। দুখুৰ মূৰত বজ্ৰপাত হ’ল; স্বৰ্গ ভাগি মূৰত পৰিল। স্বামী-শোক পুনৰাই জ্বলি উঠিল,——ৰমণীহৃদয় ভাগি খণ্ড খণ্ড শত খণ্ড হ’ল ৷ দুয়ো চকুৱে জৰ্ জৰ্ কৈ চকু-লো ববলৈ ধৰিলে। কান্দিব নোৱাৰে——চকু ফাটি যায় ৷ কিন্তু উপায় কি ? সন্তানৰ অবোধ ৰোদনত যোগ দিলে সিহঁতক কোনে সান্ত্বনা দিব ? দুখুৱে মূৰ কপালত দুটামান ভুকু মাৰি কাপোৰৰ আঁচলেৰে চকু-লো টুকি লৰা দুটিক হাতত ধৰি ঘৰলৈ টানি লৈ আহিল।

 ভাটীবেলা প্ৰায় চাৰিমান বজাত আমাৰ বৰবৰুৱাদেও ফুৰি ফুৰি ঘৰলৈ আহিল। ধনীক বাহিৰলৈ অহা দেখি তেওঁ তাক মাতি নি ওচৰত বহুৱালে। পোন প্ৰথমতে বৰুৱাই ধনীৰামৰ দুটি এটি মন ভাললগা কথা সুধিলে; ধনীয়েও যথাযথ উত্তৰ দিলে। শেহত সুধিলে——“ধনী, তহঁতৰ বাপেৰ তো মৰিলেই ; এতিয়ানো তহঁতে কি কৰিবি ? যদি মোক তহঁতৰ মাটি-বাৰীখিনি মোৰ নামে লিখি নিদিয়, তেন্তে মই আৰু ইয়াত নাথাকিম, তহঁত