সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
১৬
 

‘পিতা কলৈ গলি?’ দুয়ো গলত ধৰাধৰিকৈ পাৰেমানে কান্দিলে,——চকু ৰঙা কৰিলে, তথাপি হেপাহ নপলাল | এই সময়ত সিহঁতক মাত দিওঁতা কোনো ন’হল,——অলপ প্ৰবোধ দি শ্মশানৰপৰা আঁতৰাই আনোঁতা কেও নহ’ল!

 ঘৰত দুখুৱে সিহঁতক ভাত খাবলৈ মাতি বাটচাই থাকিল। ইপিনে মাতিলে ‘ধনী’—— কোনো উত্তৰ নাই। সিপিনে মাতিলে ‘ধনী’ কোনো উত্তৰ নাই। পদূলি-মুখলৈ ওলাই আহি কোনো মানুহক বাটেদি যোৱা দেখিলে সিহঁতৰ আগত ধনী আৰু শনিৰ খবৰ সুধিলে কোনোৱে একো উত্তৰ নিদিলে। কোনোৱে বৰকৈ সোধাত উত্তৰ দিলে——‘কব নোৱাৰোঁ।’ দুখুৰ মন বেয়া লাগিল। ক্ৰমে নানা ৰকম চিন্তা মনত উপস্থিত হ’লহি। একোবাৰ ভাবে——"কিজানি সিহঁত পুখুৰীত গা ধুবলৈ গৈছে। এবাৰ যাওঁ—— কিন্তু কেচুৱা জয়মতীক কেনেকৈ অকলে এৰি থৈ যাওঁ।” এইদৰে দুখুৱে বহুত বেলি ভাবি জয়মতীক অকলে শুৱাই থৈ পুখুৰীৰ ফালে খোজ ললে। পুখুৰীৰ পাৰত থিয় হৈ দেখিলো যে, তাত কোনো মানুহ নাই। পথাৰৰ হালোৱাই হাল এৰি বনুৱাই বন এৰি ঘৰলৈ আহিল। পথাৰ জনশূন্য। হঠাৎ পূব ফালৰ পৰা কান্দোনৰ ধ্বনি দুখুৰ কাণত সোমালহি। দুখুও এখোজ দুখোজকৈ শ্মশানৰ ফালে গ’ল; কিন্তু এই ভৰ