সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 

চতুৰ্থ আধ্যা

জ্বালা-যন্ত্ৰণা

 ধনীৰাম তেনেই নাবালক। সি দহ বছৰীয়া লৰা মাথোন। সি এই বয়সত সংসাৰৰ বিষয়ে কি জানে? তথাপি বাপেক ঢুকাবৰ দিন ধৰি সি আন লগৰীয়া- বোৰৰ লগত বেছি খেলা কৰি নুফুৰে। ধনীৰ স্বভাৱ চৰিত্ৰ, মনৰ চঞ্চলতা ক্ৰমে পৰিবৰ্ত্তন হৈ আহিবলৈ ধৰিলে। তাৰ ভায়েক শনিয়ে আন লৰা-ছোৱালীবোৰৰ লগত কিবা হাই-কাজিয়া কৰি কান্দি ফুৰিব বুলি সি সদায় শনিৰামক লগত লৈ ফুৰি ফুৰে। ধনী গাঁৱৰ পাঠশালাত পঢ়িছিল; কিন্তু পঢ়া সাং কৰিবৰ সময়তে পিতৃহীন হ’ল। তেতিয়াৰপৰা সি পঢ়া এৰি দিলে আৰু ছবছৰীয়া শনিৰামক পঢ়ুৱাবৰ মনেৰে পাঠশালালৈ পঠালে। ধনীয়ে এই লৰাকালৰ পৰাই চিন্তা কৰিবলৈ শিকেছে, পৰৰ অৰ্থে স্বাৰ্থত্যাগ কৰিবলৈ শিকিছে।

 এদিনাখন দুপৰীয়া শনিক লগত লৈ ধনী পুখুৰীলৈ গা ধুবলৈ গ’ল। পুখুৰীৰ পূব ফালে মহা-শ্মশান। ধনী পুখুৰীলৈ নগৈ হাবি-বননৰেি ভৰা সেই মৰিশালিত