সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
 


তাক, তেওঁ পুত্ৰ-পৌত্ৰাদি ক্ৰমে ভোগ দখল কৰি থাকিব। ইয়াত মোৰ ওজৰ আপত্তি একো নাই। এতদৰ্থে স্বজ্ঞানে আৰু সুস্থ শৰীৰে এই দান খত-পত্ৰ লিখি দিলোঁ। ইতি ইং ১৮৯৮ চন ২ জানুৱাৰী।

 ইসাদ⸺

 বলীনাথ গাঁওবুঢ়া — মৌঃ ছয়ানী সাকিন মাৰেগাঁও

 শ্ৰীহৰিমল কোচ — মৌঃ ছয়ানী সাকিন ভাটীপাড়া

    লিখক — নীধৰ্ম্মনাথ কাকতী।

 মহৰীয়ে খতখন লিখি বৰুৱাক এবাৰ পঢ়ি শুনালে। বৰুৱাই শুনি বৰ আনন্দিত হ’ল আৰু খতখন হাতত লৈ মহৰী বাপুক শত শত ধন্যবাদ দি ঘৰমুৱা হ’ল।