এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
১২
বৰুৱা——মহৰী বাপু! আপোনাৰ ওচৰলৈহে আহিলোঁ; অলপ কাম আছিল।
“কিনো কাম আছে? ময়ো গা ধুবলৈ ওলাইছোঁ।”
“এৰা, যদি বেজাৰ নাপায় তেন্তে কব পাৰোঁ।” এই বুলি বৰুৱাই মহৰীৰ হাতৰ মুঠিত দুটি টকা গুজি দি সকলো বৃত্তান্ত ভাঙি কলে। মহৰীয়ে টকাকেইটি হাতত পাই ৰং মনেৰে কাগজ কলম হাতত লৈ বহিল। বৰুৱাৰ সকলো কথা শুনি এখন ‘ষ্টাম্প’ কাগজত জাল- খত লিখিবলৈ ধৰিলে :——
মহামহিমাৰ্ণব
শ্ৰীলশ্ৰীযুক্ত কনকচন্দ্ৰ বৰুৱা
মহিমাৰ্ণবেষু,
নিজ চহী⸺
শ্ৰীধৰ্ম্মনাথ কাকতী
লিখিতং শ্ৰীধৰ্ম্মনাথ কাকতী পিতা ৺বংশীৰাম কাকতী ——মৌজা ছয়ানী, সাকিন প্যাৰী গাঁও, কস্য দান খত- পত্ৰ মিদং কাৰ্য্যঞ্চাগে, আজি বহু বছৰৰ পৰা ওপৰত লিখিত মহাশয় মোৰ মাটিত আছে আৰু পাৰেমানে মোক বিপদে-সম্পদে সহায় কৰিছে। সেই নিমিত্তে বৰ্ত্তমান তেওঁ থকা মাটিখিনি তেওঁক দান কৰিলোঁ——