সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বৈৰাগী
 

 গুঃ মাক——কেলেই—— তোক জানো তই থকা মাটি- খিনি লিখি দিয়া নাই? তোক দেখোঁ মাটিখিনি লিখি দিম বুলিছিল; এতিয়ানো কি কৰিলে?

 বৰুৱা—— এতিয়াও দিয়া নাই। ৰাতি মৰিবৰ সময়ত ঘৈণীয়েকৰ আগত কিবা কৈ গৈছে হব পায়।

 গুৰৰ মাকে মুখৰ চাৰিটামান পাক দি চকু থিয় কৰি কলে—— “তই দুখুৰ মাটি খাবলৈ আহিছ! মুকুন্দক হেনো সকলো বস্তু-বাহানি লিখি দিছে। যেতিয়ালৈকে ধনী আৰু শনিৰাম নাবালক অৱস্থাত থাকে তেতিয়া লৈকে হেনো মুকুন্দই সকলো মাটিবাৰী ভোগ কৰিব। তই বাৰু সেই মাটি পাবি জানো?"

 বৰুৱাৰ মূৰৰ ওপৰত স্বৰগ ভাগি পৰিল। বৰুৱাৰ সকলো আশা ভৰসা মাটি হ’ল——আশালতাৰ মূলতে বিনাশ। বৰুৱাই তলমূৰ হৈ কিবাকিবি ভাবি মনতে প্ৰতিজ্ঞা কৰিলে— বাৰু সেই মাটি লব পাৰো নে নোৱাৰোঁ এবাৰ দেখা যাব। মই আজিয়েই সেই মাটিৰ এটা দিহা কৰিম ' গুৰুৰ মাকক লাহেকৈ⸺“বৌ আহিলোঁ হে’ বুলি কৈ তেওঁ গুচি গল গৈ।

 বৰুৱাই তাৰ পৰা বাহিৰ হৈয়েই গাঁৱৰে বৰুণ মহৰীৰ ঘৰৰ ফালে খোজ ললে। মহৰীৰ ঘৰত উপস্থিত হোঁৱা মাত্ৰকে মহৰীয়ে তেওঁক দেখাপাই মাত লগালে——“বৰুৱাদেও, আজিনো কোন ফালে?”