টীয়ে কান্দি কান্দি লুটিখাই পৰিছে; তথাপি দুখুক মাত দিওঁতা কোনো নাই! একে চোতালতে দুখুৰ জ্ঞাতি শ্ৰীযুত বৰবৰুৱা থাকে। তেওঁৰ কিবা আচল নাম থাকিব পাৰে, কিন্তু গাঁৱত তেওঁক এই নামেৰেই জনা যায়। শেষ নিশাৰে পৰা দুখুৱে হিয়া-মূৰ ভুকুৱাই কান্দি থকা শুনি তেওঁ নিজে নিজে ভাবিছে —“বোধকৰোঁ আজি তাইৰ গিৰিয়েক ঢুকাল। ভালেই হ’ল, এতিয়া নো তাই মোক খাতিৰ কৰে নে নকৰে চাওঁচোন।” বৰুৱাৰ পিশাচ মন নাচি উঠিল। লৰা—ছোৱালীহঁতৰ আৰু দুখুৰ গগন ভেদী কান্দোন শুনিও তেওঁ এষাৰ মাত নিদিলে। এনেকি ৰাতি পোহৰ হওঁনৌ-হওঁতেই কান্ধত হালখনি লৈ পথাৰত হাল বাবলৈ গ’ল। আন দিনাখন বৰুৱাৰ শুই উঠোতে বেলি দুপৰ হয়, কিন্তু আজি হলে বৰুৱা পথাৰলৈ যোৱাত সকলোৰে আগৰণুৱা।
পুৱা আঠমান বাজিল। গোটেই চোতালত ৰ’দ উঠিল। এনেতে দুখুৰ ডাঙৰ লৰা ধনীৰামে কোনোমতে দুৱাৰখন মেলি বাহিৰলৈ আহি কান্দি বৰুৱাক মাত লগালে—“আতা, আজি আয়ে বৰকৈ কান্দিছে অ’। পিতা দেখোঁ এতিয়াও শুই উঠাই নাই, চাহিচোন।” দুখুও ওলাই আহি কপাল-মুৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। গোটেইখন ঘৰতে কান্দোনৰ ৰোল উঠিল। ওচৰ-চুবুৰীয়াবোৰ—“কি হৈছে, কি হৈছে” বুলি লৰি