সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
বৈৰাগী


এদিন ফুৰি ফুৰি নৰেন হঠাৎ পৰ্ব্বতৰ ওচৰৰ ডাঠ হাবি এখনত উপস্থিত হ'লগৈ। হাবি বননিৰ ঠিক মাজতে গছ-গছনিৰে ভৰা এখন সুন্দৰ সেউজীয়া পথাৰ। মনোৰম ঠাই।গছে-গছে, লতাই-লতাই, নতুন পাত নতুন ফুল জক্‌ক্‌ কৰিছে। ফুলৰ গোন্ধত গোটেই খন হাবি আমোলিত হৈছে। তাতে আকৌ ৰিব ৰিবকৈ জুৰ মলয়া বৈছে। গছৰ ডালত পৰি শালিকা, সখিয়তী, ধনেশ আদি নানান চৰায়ে খেলিমেলিকৈ গীত গাইছে। প্ৰাকৃতিক সৌন্দৰ্য্য দেখি নৰেনৰ ভোকপিয়াহ নোহোৱা হ'ল। নৰেনে এখোজ দুখোজকৈ গছৰ তলে তলে ফুৰি ফুৰিবলৈ ধৰিলে।

 এই মনোৰম পথাৰখনৰ একোণত এজোপা বৰ গছ। তাৰ অসংখ্য ঠাল-ঠেঙুলিয়ে বহুদূৰ ব্যাপি অসংখ্য বনৰীয়া পশু-পক্ষীক শীতল ছায়া প্ৰদান কৰিছে। সেই ছাঁয়াতেই এজন জীৰ্ণকায় পুৰুষ পূব-মুৱা হৈ পদ্মাসনত বহি ধ্যান কৰি আছে—কোনো বাধা নাই, বিঘিনি নাই। অসংখ্য বনৰীয়া হিংসুক জন্তু সেই- পিনে আহিছে, গৈছে; তথাপি সিহঁতৰ কোনো হিংসা- ভাব নাই। সন্ন্যাসীজনৰ কোনো ফালে দৃষ্টি নাই,চকু মুদি কেৱল ধ্যান কৰিছে। তেওঁৰ গোটেই গা ভস্মাবৃত; গাত গেৰুৱা বস্ত্ৰ পৰিধান; মূৰত চুলিৰ জঁট। ধ্যানত বহি থকা সন্ন্যাসীজনক দেখি নৰেন