ৰাতিপুৱা নৰেনে শুই উঠি দেখিলে—— শনিৰাম বিছনাত নাই। তেওঁ বাহিৰলৈ ওলাই আহি শনিৰানক কেবাবাৰো মাতিলে, কিন্ত কোনো উত্তৰ নাপালে। ঘৰৰ মানুহক শনিৰ কথা সুধিলে। কোনেও একো কব নোৱাৰিলে। নৰেন দুখুৰ মৰিশালীলৈ লৰি গৈ তাতো শনিক বিচাৰিলে, কিন্তু তাতো যে শনি নাই! নৰেন আচৰিত আৰু অবাক হ'ল। এঘণ্টা দুঘন্টাকৈ দিনটো গল, তথাপি শনিৰ দেখা-দেখি নাই। ৰাতি আহিল দিন গল, আকৌ দিন আহিল, তথাপি শনিৰ কোনো খবৰ নাই। শনিক নেদেখি নৰেন বাউল হৈ পৰিল, আৰু “শনি, শনি” কৰি গাঁৱে গাঁৱে, চহৰে চহৰে শনিক বিচাৰি ফুৰিবলৈ ধৰিলে—কিন্তু শনিৰ ক’তো বাতৰি গোৱা নগ’ল।
মাহৰ পিচত মাহ গ’ল। বছৰৰ পিচত বছৰ পাৰ হৈ গ'ল— তথাপি শনিৰ কতো খবৰ পোৱা নহ’ল। নৰেনৰ কেৱল শনিক বিচৰাই ধাউতি⸺দিনে ৰাতি কেৱল শনিক বিচাৰিলে! যি ফালেই যায় সেই ফালৰ পৰাই নৰেন শনিৰ খবৰ নাপাই হতাশ হৈ আহিল, তথাপি তেওঁ পাচ হোঁহকা নেমাৰিলে। কেৱল বিচাৰিলে শনিক! শনিৰ নিমিত্তে নৰেনৰ নকৰা কাম, নোযোৱা ঠাই নোহোৱা হ’ল। হাবিয়ে-বননিয়ে’ পৰ্ব্বতে-পাহাৰে নৰেনে কেৱল বিচাৰিলে শনিক।