ঘূৰোৱা হয় সেই পিনেই ঘোৰ অন্ধকাৰ। যিপিনেই কাণ পতা যায় সেই পিনেই নিমাত। কেৱল মাজে সময়ে নিয়তি চৰায়ে থাকি থাকি একো বাৰ “বউ উঠ, বউ উঠ” আৰু একোবাৰ ‘নিউ, নিউ” কৰি সেই গভীৰ নিস্তদ্ধতা ভেদ কৰিছে। লাহে লাহে কৃষ্ণ পক্ষৰ
জোনে পূব আকশত ভূমুকি মাৰিলেহি। আজি যেন জোনেও আগৰ সাজ-পাৰ এৰি থৈ মলিন সাজ-পাৰ পিন্ধি অতি কষ্ট মনে তেওঁৰ দীঘলীয়া বাটত আগব৷ঢ়িম বুলি ওলাইছেহি। যদি কোনোৱা ভাবুকে টোপনিৰ পৰা উঠি বাহিৰলৈ আহে আৰু জোনৰ ফালে চায়হি,
তেন্তে তেৱোঁ কিবাকিবি ভাবি দুখ মনে ঘৰ সোমাবগৈ আৰু নিদ্ৰা-দেৱীৰ আশ্ৰয় পাম বুলি নিজৰ ঢাৰি-পাটীত শুই পৰিবগৈ।
ঠিক এনে সময়তে দুটা চোৰ গাঁৱত কিবা ফটাকানি, নাঙলৰ ফাল, ভগা জাপি আদি পাম বুলি মহামূৰ্ত্তি ধৰি বাহিৰ হ'ল। দুয়ো অলপ দূৰ গৈয়ে এঘৰ গৃহস্থৰ চোতালত উপস্থিত হলগৈ। শুনিব পালে যেন ঘৰৰ ভিতৰত কোনোৱাই কান্দিছে আৰু মাজে মাজে দুই চাৰিষাৰ কথা কৈছে। ঘৰৰ বেৰাৰ কাষলে গৈ দেখে যে মজিয়াখনত এটি খোৱাতেলৰ চাকি ঢিমিক্ ঢামাক্কৈ জ্বলিছে। তাৰে ওচৰত ঢাৰি-পাটী এখনত মানুহ এজন দীঘল হৈ পৰি আছে আৰু মানুহ জনৰ