সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাবিংশ আধ্যা

দুই বন্ধু

 ৰাতি প্ৰায় ৮ মান বাজিছে। সকলো ঘৰতে সন্ধ্যাৰ চাকি জ্বলিছে। গিৰিহঁতে নিজ নিজ গৃহ-দেৱতাৰ পূজা আদি কৰিছে। ৰান্ধনী আইসকল ৰান্ধনি ঘৰত সোমাইছেগৈ; এনেতে শনিৰাম আৰু নৰেন্দ্ৰনাথ ফুৰি ফুৰি ঘৰত উপস্থিত হ’লহি। নৰেনে ততাতৈয়াকৈ চাকি এটা লগাই আনিলে আৰু নিজৰ শোৱা কোঠালীত সোমাই দুয়ো ওচৰা ওচৰিকৈ বহি কথা পাতিলেগৈ। কোঠালীটোৰ দুৱাৰ-খিড়িকী যি আছিল সকলো জপাই দিলে। দুয়ো বন্ধুৱে নানান ৰকম কথা পতাৰ পিচত শনিৰামে হুমুনিয়াহ এটা কাঢ়ি নৰেনক কলে, “ভায়া! কিমান দিন আৰু এনেভাৱে থাকিম? সংসাৰৰ জ্বালা-যন্ত্ৰণাই শৰীৰ মন জৰ্জৰিত কৰিলে। পিতা ঢুকাল, আই ঢুকাল, যিবা নিজৰ বুলিবৰ ভনীজনী আছিল তাৰো ভিকাছন মৰিল! আৰু শনিৰ আছে কি? জীৱনৰ প্ৰতি মৰম-বেথা নোহোৱা হ’ল। সংসাৰ অসাৰ যেন লাগিছে, এতিয়া উপায় কি?”

 নৰেনে বহু বেলি ভাবি-চিন্তি কিবা কব খুজিছিল, এনেতে নৰেনৰ বাপেকে মাত দিলেহি — "নৰেন! তহঁত -