বুঢ়ীৰ কথা শুনি সিহঁতৰ গা কঁপি উঠিল; মুখ শুকাই টেমি যেন হ’ল। সিহঁতে “হে আই, তেনে- হলে তুমি আহাঁ” বুলি ঘৰৰ ফালে বেগ দিলে। বুঢ়ী জনীয়েও থৰকবৰক্কৈ পানী কলহ ভৰাই লৈ সিহঁতৰ পাচে পাচে বেগ দিলে।
বুঢ়ীৰ কথা শুনি শনিৰ ধ্যান ভাগিল। তেওঁ উচপ্ খাই উঠি—“কি মাইৰো হাইজা হৈছে?” বুলি ঘৰলৈ লৰ দিলে। ঘৰলৈ আহি দেখে যে মাকৰ আধ্যা পৰিছে—দুখুৰ প্ৰায় অন্তিম কাল উপস্থিত। শনিৰ, চুলিৰ আগেদি জীউ গ’ল। তেওঁ বাকচ্বোৰৰ ইটো মেলিলে, সিটো মেলিলে; কিন্তু কতো একো ঔষধ- পাতি নাপালে। ইপিনে ঘৰতো কোনো দ্বিতীয় মানুহ নাই। যিবা নৰেন আছিল, তাকো লগ ধৰিব নোৱাৰে। ওচৰতো ডাক্তৰ কবিৰাজ কোনো নাই। বেচেৰাই একো উপায় নাপায় বাৰীৰ পৰা কিছুমান কিবা গছৰ ছাল-পাত আৰু কেইটামান সৰিয়হ আনি সকলোকে বটি মাকৰ মূৰত ভৰণ দিলে, আৰু মাকৰ গাতে হেলান দি বহি মাকৰ মুখৰ পিনে চাই কান্দিবলৈ ধৰিলে। মাকৰ গাত তত নাই—মাজে মাজে একোটা হুমুনিয়াহ পেলাই নুফুটা মাতেৰে চেচাই চেচাই কয়—“বাপ! পা-নী-পা-নী”।
শনিৰামে চিকিৎসাৰ কোনো উপায় নেদেখি মাকৰ মুখত অলপ অলপপানী দিলে; মাকেও তাৰে এঢোক