সমললৈ যাওক

পৃষ্ঠা:বৈৰাগী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈৰাগী
৯৮
 

যেন বোধ হয়। তাত নাই কোনো সাৰি-শব্দ, নাই কোনো হাই-উৰুমি, নাই কোনো প্ৰাণীৰ সমাগম।

 শনিৰাম ভাতৃ-শোকত পগলা হ’ল। দিনৰ দিনটো ক’ত খায়, ক’ত ফুৰে, ক’ত থাকে তাৰ সীমা নাই। মাকৰ হাক-বচন, কান্দোন-কাটোন শুনি একোবাৰ কৰবাৰ পৰা ফুৰি ফুৰি আহি কাঠিৰ মূৰত মনে মনে বহি থাকেহি। মাক অলপ শান্ত হলেই ইছল- সিছলকৈ আকৌ নৰেনৰ লগ লৈ যতে ইচ্ছা ফুৰি ফুৰে গৈ।

 শনিৰাম শিক্ষিত জ্ঞানী ডেকা লৰা। তেওঁ নিজৰ ভাৱনাতে তত নাপায়; তাতে আকৌ দেশজুৰি এই হাহাকাৰ। চকুৰ আগতে বিনা শুশ্ৰুষাতে, বিনা চিকিৎসাতে অলেখ মানুহ মৰিব ধৰিছে তথাপি তাৰ কোনেও একো ব্যৱস্থা নকৰে দেখি তেওঁৰ মনে কান্দিব ধৰিলে। তেওঁ নৰেনৰ বাপেকক কত কাবৌ-কাকৃতি কৰি নৰেনক লগত লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিবলৈ ধৰিলে—— উদ্দেশ্য —এটা ভঁড়াল খোলা। তেওঁ ভাবিলে যে অলপ টকা; গোটাই সদৰৰপৰা এজন ডাক্তৰ অন্ততঃ ১।২ সপ্তাহৰ নিমিত্তে আনিব পাৰিলেও কিজানি ২।৪ জন মানুহ ৰক্ষা পৰে। কিন্তু হয় কেনেকৈ? য’লৈকে যায়, ত’তেই “ক’ত হাইজা দিবলৈ আহিছে অ” বুলি দূৰ দূৰ, ছেই ছেই। কেবাদিনো ঘূৰি ফুৰি এটা কণা-