এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বৈৰাগী
মাৰিলা। অভাগিনী, অনাথিনী হলোঁ প্ৰভু! উদ্ধাৰ কৰা!”
* * *
ইমানতো মৌজাদাৰ হাকিম ক্ষান্ত নহ’ল। তেওঁ জয়মতীৰ যিমানেই দুখ দেখা পালে সিমানেই তেওঁ সন্তোষহে পালে। হাকিমে দুখু বিধৱাৰ প্ৰায় সম্পূৰ্ণ প্ৰতিশোধ ললে, কেৱল অলপ বাকী। শেষত হুকুম্ দিলে⸺দুখুৰ ঘৰলৈ কোনো যাব নোৱাৰে। এনেকি, “হৰেন! তয়ো তালৈ নাযাবি, সাৱধান।”
⸻