অৱস্থাতেই আছে। সি সংসাৰৰ আও ভাও কি বুজে? মৌজাদাৰ হাকিমৰ দিনে-ৰাতি চিন্তা হ'ল “এই অস্ত্ৰ বোৰেৰে এতিয়া কেনেকৈ দুখুক সৰ্ব্বস্বান্ত কৰোঁ? দুখুক কেনেকৈ বাটৰ ভিখাৰিণী কৰোঁ? কোন দিননো দুখু জ্বালা-যন্ত্ৰণাত তত নাপাই⸺কোনো ঠাইত কৰো আশ্ৰয় নাপাই নিসহায়া নিৰাশ্ৰয়া হৈ মোৰ ভৰিত দীঘল দি পৰেহি?”
মৌজাদাৰ হাকিমে সকলো ঠিক-ঠাক কৰিলে। “মানুহ-ধৰা” সুযোগতে ধনীৰামৰ দোষ ধৰি তাক চাকৰিৰপৰা খেদি দিলে। তাৰ পিচত ধনীৰ মৃত্যু হোৱাত প্ৰথম মনোবাঞ্ছা পূৰ হ’ল⸺এফালে নিষ্কণ্টক হ’ল⸺হাকিমে উশাহ পালে।
ইপিনে জয়মতীক বিয়া কৰাই আনিবৰ আজি দুবছৰ হ’ল! জয়মতীয়ে এই দুবছৰে মাকৰ ঘৰ কেনেকুৱা তাক দেখা পোৱা নাই। দুখুৱে জয়মতীক নিবলৈ কতদিন মানুহ পঠালে, হাকিমক কত অনুৰোধ জনালে, কিন্তু হাকিমৰ সেই কথাত কাণ নাই। ধনীৰামে নিজে হাকিমক কত কাবৌ-কাকূতি কৰিলে, তথাপি জয়মতীক এবাৰ বন্দীশালৰপৰা মুক্তি নিদিলে। হৰেনেও বাপেকক খাটিলে, তথাপি মৌজাদাৰ হাকিম অচল-অটল; তেওঁৰ কাৰো কথালৈ কাণ নাই তেওঁ এবাৰ যি কৰোঁ বুলি অংঙ্গীকাৰ কৰিছে, তাক কৰিহে তেওঁ ক্ষান্ত হ’ব।