সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোট-পাইকৰ নিবন্ধন va তাৰেপৰাহে মানুহৰ পিয়ল হল।” এই মানুহ পিয়ল আৰু পাইক নিবন্ধনত স্বৰ্গদেৱৰ প্ৰধান কাৰ্য্যকাৰক আছিল শুকুটী মোমাই তামুলী বৰবৰুৱা। খেলৰ কাকতীয়ে প্ৰত্যেক পোৱা-পাইকৰ নাম-ধাম লিখি থৈছিল, আৰু কোন মাহুত কোন পাইকে ৰজাঘৰীয়া কাম কৰিব লাগিব, আৰু তেওঁৰ পাচত কাৰ পাল পৰিব তাকো কাড়ীৰ কাকতত লিখা হৈছিল। চেমনীয়া লৰা বুজন হোৱা মাত্ৰে তাক পাইকৰ শ্ৰেণীত ভৰোৱা নিম্নম আছিল। কোনো গোট-পাইকৰ এপোন্না-পাইক হানি হলে তাৰ ঠাইত নকৈ-হোৱা পাইকক ঠুহি থোৱা হৈছিল। পুৰণা গোট-পাইকত সকলো নতুন পাইকক খাজিব নোৱাৰিলে ওপৰঞ্চি ন-পাইকেৰে বেবেজীয়া খেল সৃষ্টি হৈছিল। পাইকৰ বয়স-পোৱা ডেকাই পাইকৰ শ্ৰেণীত নোসোমোৱা, পাইক পলাই যোৱা, পলৰীয়া পাইকক লুকুৱা, আৰু পাইকৰ কাকতত নাম-নথকা মানুহৰ হতুৱাই পাইকৰ কাম কৰোৱা,—এইবোৰ কাৰ্য্য দণ্ডনীয় আছিল। তেজ-মঙ্গহৰ সম্বন্ধৰ বান্ধনিত আত্মীয়-পৰিয়ালৰ উদ্ভৱ “হৈছিল। তেনেকৈ চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল, তেওঁলোকৰ প্ৰতিজনৰে কৰ্ত্তব্য একে, গাত-লগা বিষয়াও একে, আৰু সেইগোটৰ এজনে ৰজা- ঘৰীয়া কামত লাগিলে বাকী কিজনে তেওঁৰ খেতি-পথাৰ বন-বাৰী কৰি দিব লগাত পৰিছিল। সেইদেখি এই