বুৰঞ্জীৰ বাণী সংগঠিত হৈছিল। মহাৰাজ গৌৰীনাথসিংহৰ দিনতো এই তিনি-পোৱা গোটৰ নিয়ম প্ৰচলিত আছিল। স্বৰ্গদেৱে মৃত্যুৰ সময়ত দুখ প্ৰকাশ কৰিছিল যে তেওঁ চাৰি-পোৱা- পাইকে এক গোট-পাইকৰ প্ৰথা পুনৰ প্ৰৱৰ্ত্তাব নোৱাৰিলে। পোনতে, গোট-পাইকৰ ধৰাবদ্ধা নিয়ম নোহোৱাত পাইকক ৰজাঘৰীয়া কামত লগোৱাত বৰ বেমেজালি ঘটিছিল। কেতিয়াবা ঘৰমুৰি এজন কি দুজন পাইকে বছৰটো খাটিছিল, আৰু ঘৰেপতি চাৰিজন-ছজন পাইকে ৰজাৰ কাষলৈ নগৈ ঘৰতে কাল কটাইছিল। এই বেমেজালি গুচাবৰ কাৰণে স্বৰ্গদেৱ প্ৰতাপসিংহ মহাৰাজে লুইতৰ পুঠি- খৰিত শুকানসুতিৰ মুখত সকলোবোৰ পাইকক এঠাই হৈ থাকিব দিলে, আৰু স্বৰ্গদেৱে নিজে আগত থাকি মানুহ লেখিবলৈ ধৰিলে। এক-দুইকৈ লেখি একুৰি হলে স্বৰ্গদেৱে তাৰ মাজৰপৰা এটা আমি বৰা পাতিলে, এশ হলে নিজঘৰতে চাৰি পোৱা-পাইক থকা এজন আনি শইকীয়া পাতিলে, হাজাৰ হলে তাৰে ভাল চহকী বিচাৰি চাই এজনক আনি হাজৰিকা পাতিলে। স্বৰ্গদেৱে নিয়ম কৰি দিলে ষে প্ৰত্যেকজন পাইকৰ মূল্য এপোৱা, চাৰিজন পাইকৰে এক গোট-পাইক সংগঠিত হব, আৰু প্ৰতি গোট-পাইকৰ এজন পাইকে পাল অনুসাৰে ৰজাঘৰীয়া কাম কৰিব লাগিব। স্বৰ্গদেৱ প্ৰতাপসিংহৰ দিনতছে, বুৰঞ্জীৰ ভাষাৰে কবলৈ গলে,—“এইৰূপে মানুহ চাৰি-পোৱাই মোট-পাইক কৰিলে,
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৯৮
অৱয়ব