সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to বুৰঞ্জীৰ ৰাণী জুবুৰিয়াওঁতেও তেওঁ মুবুৰিছিল, যীশুখৃষ্টই মাথোন হাতৰ পৰশেৰে ৰুগীয়াক ভাল কৰিব পাৰিছিল । ৰোমান কেথলিক সম্প্ৰদায়ৰ প্ৰথামতে কোনো সাধুপুৰুষ 'চেইন্ট' বা সাধু নামৰ উপযুক্ত হবলৈ হলে পৰহিতব্রত তেওঁ জীৱন অতিবাহিত কৰিব লাগিব, আৰু তাৰ লগতে এটি-দুটি অলৌকিক কার্য্য বা 'মিৰাকোল' দেখুৱাব লাগিব । সাধুৰ মৃত্যুৰ পিচত তেওঁৰ সকলো কাৰ্য্যাৱলী বিশ্লেষণ কৰি তেওঁক 'চেইষ্ট' আখ্যা দিয়া যায় ৷ আধুনিক যুগৰ কৰ্ম্মী ডন বস্কোয়ে অন্য কাৰ্য্যৰ লগত সেইৰূপে 'মিৰাকোল' কৰাৰ প্ৰমাণ পাই মাথোন বছৰ - চেৰেকৰ পূৰ্ব্বে তেওঁক মহাসমাৰোহেৰে 'চেইন্ট'ৰ শ্ৰেণীভুক্ত কৰা হৈছে। শান্তিকন্যা দুগৰাকীয়ে পল' বা তামৰ পাত্ৰত পানী ভৰাই আনিছিলনে নাই আমি সেই বিষয়ে হয় নহয় একো নকওঁ। মাথোন ইয়াকে কব পাৰি যে তেনেকৈ পানী আনিব পাৰি বুলি আৰু খেনোৱে আনিছিল বুলি চাৰিশ বছৰৰ পূৰে মানুহে পূর্ণমাত্রা বিশ্বাস কৰিছিল, এই বিশ্বাসৰ অস্তিত্বই হৈছে বুৰঞ্জীৰ সত্য ৷ তাৰ বাহিৰে জটিল তর্কশাস্ত্ৰ-মহাব্যাঘ্ৰৰ মুখ-গহ্বৰত পৰিবলৈ বুৰঞ্জী-লিখকৰ সকাম নাই। এগৰাকী সুচৰিত্ৰা তেলীয়ানীয়ে পূজাকর্ম সম্পাদন কৰাৰ অধিকাৰ লাভ কৰিছিল, এই তথ্যও বুৰঞ্জীৰ পক্ষে লাগতিয়াল । অক্টোবৰ ১৯৩০ চন ।