সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শান্তিকা ৰাধিক। আৰু তেলীয়া-পত্নী १ উকীলৰ লগত যিবোৰ বস্তু দি পঠাইছিল৷ ইসকল সভাত দেখাবৰ উচিত নহয়। কিন্তু যিসকলে যিহক আচৰি থাকে অনীতি হৈলেও আচৰণীয় বুলি তাকে নীতিস্বৰূপ দেখে, এতেকে দিব পোৱা।” কোচৰজাই আগৰে পৰা যুদ্ধৰ চেলু বিচাৰি ফুৰিছিল। সন্দেশ-বস্তুৰ প্ৰত্যাখ্যান আৰু অসম ৰজাৰ অসন্ত্ৰমসূচক প্ৰত্যুত্তৰ পাই নৰনাৰায়ণ ৰজা আৰু শুক্লধ্বজ কোঁৱৰে যুদ্ধযাত্ৰাৰ আয়োজন কৰিলে। নৰনাৰায়ণে ভায়েক গোহাঁই-কমলক আদেশ দিলে, – “তই বাট কাটি কোচবেহাৰৰ পৰা পৰশুকুগুলৈকে এটা ডাঙ্গৰ বহুল আলি বান্ধ।” গোহাঁই- কমলে ককায়েক ৰজাৰ আজ্ঞা অনুসৰি “নামদানি ওপৰদানি সমান কৰি হাবুঙ্গৰ জুৰীয়াকে৷ খেদি কুমটিয়াব সমীপে বঢলী পৰ্য্যন্তে আলি এটা কৰি দিলে উত্তৰকোলে।” সেই আলি কোচবেহাৰৰ পৰা বৰ্ত্তমান উত্তৰ-লক্ষীমপুৰ মহকুমাৰ নাৰায়ণপুৰলৈকে বিস্তৃত। গোহাঁই-কমলে আলিবন্ধা কাম কিছু পৰিমাণে শেষ কৰাত ১৪৭৭ শকৰ পুহৰ ৯ দিন যাওঁতে নৰনাৰায়ণ মহাৰাজে শুক্লধ্বজ কোঁৱৰে সৈতে সৈন্য-সামন্য, পদাতিক, হস্তী-ঘোৰা লগত লৈ অসম অভিমুখে যুদ্ধযাত্ৰা কৰিলে। অসম বুৰঞ্জী মতে শুক্লধ্বজ কোঁৱৰৰ গাৰ এঠাইত ধবলবৰ্ণ আছিল, সেইদেখি তেওঁক শুৰু বোলা হৈছিল। গাৰ শুক্ল গুচাবৰ কাৰণে কোঁৱৰে নানান উপায় বিচাৰি ফুৰিছিল।