শান্তিকা ৰাধিক। আৰু তেলীয়া-পত্নী १ উকীলৰ লগত যিবোৰ বস্তু দি পঠাইছিল৷ ইসকল সভাত দেখাবৰ উচিত নহয়। কিন্তু যিসকলে যিহক আচৰি থাকে অনীতি হৈলেও আচৰণীয় বুলি তাকে নীতিস্বৰূপ দেখে, এতেকে দিব পোৱা।” কোচৰজাই আগৰে পৰা যুদ্ধৰ চেলু বিচাৰি ফুৰিছিল। সন্দেশ-বস্তুৰ প্ৰত্যাখ্যান আৰু অসম ৰজাৰ অসন্ত্ৰমসূচক প্ৰত্যুত্তৰ পাই নৰনাৰায়ণ ৰজা আৰু শুক্লধ্বজ কোঁৱৰে যুদ্ধযাত্ৰাৰ আয়োজন কৰিলে। নৰনাৰায়ণে ভায়েক গোহাঁই-কমলক আদেশ দিলে, – “তই বাট কাটি কোচবেহাৰৰ পৰা পৰশুকুগুলৈকে এটা ডাঙ্গৰ বহুল আলি বান্ধ।” গোহাঁই- কমলে ককায়েক ৰজাৰ আজ্ঞা অনুসৰি “নামদানি ওপৰদানি সমান কৰি হাবুঙ্গৰ জুৰীয়াকে৷ খেদি কুমটিয়াব সমীপে বঢলী পৰ্য্যন্তে আলি এটা কৰি দিলে উত্তৰকোলে।” সেই আলি কোচবেহাৰৰ পৰা বৰ্ত্তমান উত্তৰ-লক্ষীমপুৰ মহকুমাৰ নাৰায়ণপুৰলৈকে বিস্তৃত। গোহাঁই-কমলে আলিবন্ধা কাম কিছু পৰিমাণে শেষ কৰাত ১৪৭৭ শকৰ পুহৰ ৯ দিন যাওঁতে নৰনাৰায়ণ মহাৰাজে শুক্লধ্বজ কোঁৱৰে সৈতে সৈন্য-সামন্য, পদাতিক, হস্তী-ঘোৰা লগত লৈ অসম অভিমুখে যুদ্ধযাত্ৰা কৰিলে। অসম বুৰঞ্জী মতে শুক্লধ্বজ কোঁৱৰৰ গাৰ এঠাইত ধবলবৰ্ণ আছিল, সেইদেখি তেওঁক শুৰু বোলা হৈছিল। গাৰ শুক্ল গুচাবৰ কাৰণে কোঁৱৰে নানান উপায় বিচাৰি ফুৰিছিল।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৮৯
অৱয়ব