বুৰঞ্জীৰ ৰাণী যত্ন-অলঙ্কাৰ দি বৰাব লাগে। যদি এনে কৰা তেবে অনায়াসে পাৰিবা। ” ১৯৭৭ শকৰ আষাৰ মাহত নৰনাৰায়ণ মহাৰাজে উদ্ভণ্ড চাউলিয়া, শ্যামৰায় চাউলিয়া, কালকেতু চৰ্দাৰ, ধুমা চৰ্দাৰ, এই চাৰি উকীলক পত্ৰ-সন্দেশ দি অসমৰ স্বৰ্গদেৱ চুখাম্ফা খোৰাৰঞ্জাৰ তালৈ পঠিয়ালে। উকীলৰ লগত দিছিল, – ঘোৰা ২, ধেনু ১, চেংমাছ ১, বালিছ ১, জকাই ১ আৰু শাৰী
- খন। নৰনাৰায়ণ ৰজাই পত্ৰত লিখিছিল,—“তোমাৰ
কুশল নিৰন্তৰে বাঞ্ছা কৰি। অখন তোমাৰ আমাৰ সন্তোষ- সম্পাদক পত্ৰপত্ৰি গতায়াত হৈলে উভয়াকুল প্ৰীতি-বীজ অঙ্কুৰিত হৈতে বহে, তোমাৰ আমাৰ কৰ্ত্তব্যেসে বৰ্দ্ধতাক পাই পুষ্পিত-কলিত হৈবেক, আমৰা সেই উদ্যোগতে আছি। তোমাৰে৷ এগোট কৰ্ত্তব্য উচিত, না কৰ তাক আপনে জান।” কোচৰ সন্দেশ পাই অসম ৰজাই অপমান বোধ কৰিলে, কাৰণ সেইবোৰ বস্তু ৰজাৰ অযোগ্য। অসমৰ পাত্ৰ-মন্ত্ৰীয়ে কৈাচৰ পৰা অহা প্ৰত্যেক বস্তুকে পেংলাই কৰিবলৈ ধৰিলে আৰু শাৰী কেইথানৰ সম্পৰ্কে কলে,— “আমাৰ দেশৰ যি খাৰছাই তিৰুতা আছে তাহাতেহে এই শাৰী পিন্ধে, পুৰুষে ইয়াক নিপিন্ধে। উকীল হৈ কেনেকৈ স্ত্ৰীৰ পৰিহৰণ আনিছ?” এইবুলি উকীলক সিয়া মেখেলা আদি সামান্য বস্তু উপহাৰ দি বিদায় দিলে। স্বৰ্গদেৱ খোৰাৰজাই নৰনাৰায়ণ ৰজালৈ প্ৰত্যুত্তৰ দিলে,— “আমাৰা পূৰ্ব প্ৰীতিগোটতে আছোঁ।